ACMS Organizes Health Camp at Panitola :এচিএমএছ আৰু আ’ল এনজিঅৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ মেডিকেল টিমৰ সহযোগত চাহ বাগিছাত স্বাস্থ্য পৰীক্ষা শিবিৰ

medical camp

ACMS Organizes Health Camp at Panitola :

অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্রাক্তন বিধায়ক ৰাজু চাহুৱে এক প্রেছ বিবৃতি যোগে জনাইছে যে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা সংঘ আৰু আ’ল এনজিঅৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত চাহ বাগিছাৰ বানাক্ৰান্ত ঠাই সমূহৰ ওপৰত বুজ লৈ অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ অন্তৰ্গত বর্তমান তিনিখন চাহ বাগিছাৰ বানাক্ৰান্ত অঞ্চলত স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে।

সেই অনুসৰি ১০ জুলাইত নলনী চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰ নলনী চাহ বাগিছা লাইনৰ বহু সংখ্যৰ শ্ৰমিকে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰায়। আনহাতে বৃহস্পতিবাৰে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় দিনজান চাহ বাগিছাৰ দিঘলীজান প্রাথমিক বিদ্যালয়ত ৷ উল্লেখ্য যে ,এচিএমএছ আৰু আ’লে স্বাস্থ্য বিভাগৰ সহযোগত শুক্ৰবাৰে দিনৰ ১০ টা বজাৰ পৰা স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ হ’ব ৰঙ্গাগড়া চাহ বাগিছাৰ চিকিৎসালয়ত অনুষ্টিত হ’ব।

স্বাস্থ্য শিৱিৰ ধাৰাবাহিকভাবে আয়োজন কৰি অহা সন্দৰ্ভত প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে কয়, সমগ্ৰ অসমৰ সকলো বানাক্ৰান্ত ৰাইজৰ লগতে আমাৰ চাহ বাগিছাত কাম কৰা শ্রমিক সকল চিকিৎসাৰ অভাৱত বহু কষ্ট পোৱা দেখিবলৈ পোৱা যায়। বাগিছাৰ লাইন সমূহত বানপানীৰ পানী সোমাই ঘৰ-দুৱাৰ, বস্তু-পাতি নষ্ট হোৱা দেখিবলৈ পোৱা যায়। পানী শুকাই যোৱাৰ পাছত কিছুমান অচিন ৰোগত শ্রমিক সকল আক্রান্ত হয়। বাগিছাৰ শ্রমিক সকল বানপানীৰ পাছত জ্বৰ-কাঁহ ইত্যাদি নানা বেমাৰত ভূগী থাকে। চিকিৎসাৰ অভাৱত বহু শ্রমিকৰ মৃত্যু পর্যান্ত হোৱা দেখা যায়।

এইবোৰৰ ওপৰত লক্ষ্য ৰাখি অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা আৰু আ’ল এনজিঅৰ সৌজন্যত এই স্বাস্থ্য পৰীক্ষা শিবিৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্টিত কৰা হৈছে। বাগিছাৰ শ্রমিকে কেনেকৈ এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ অভিজ্ঞ ডাক্তৰৰ হতুৱাই বাগিছাতেই উপযুক্ত চিকিৎসা কৰাব পাৰে তাৰ বাবে কিঞ্চিত হলেও চেষ্টা কৰা হৈছে। পৰৱৰ্তী সময়ত এই স্বাস্থ্য শিবিৰ ডিব্ৰুগড় জিলাৰ বাগিছা কেইখনমানত দিয়াৰ কথা চিন্তা চৰ্চা কৰা হৈছে প্ৰকাশ কৰে ।

Exit mobile version