JSF Memoraudum:বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসমৰ স্মাৰক পত্ৰ প্ৰেৰণ দেশৰ প্ৰধানমন্ত্ৰীলৈ

JSF 1

JSF  Memoraudum:

দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠন জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিয়ে বৃহস্পতিবাৰে বিশ্ব জনসংখ্যা দিৱস উপলক্ষে মহানগৰীৰ হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত গৰাকীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ

দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে প্ৰধানমন্ত্ৰীক সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে।

কাৰ্য্যকৰ্তা সকলে জনায় যে, সৰ্বভাৰতীয় সংগঠন জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF) য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা ১০ বছৰৰো অধিক কাল সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি বিভিন্ন অভিযান চলাই থকা হৈছে । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা JSF ৰ মুখ্য সংৰক্ষক  ইন্দ্ৰেশ কুমাৰৰ মাগদৰ্শনত গ্ৰহণ কৰা কাৰ্য্যসূচী সমূহত দেশৰ সকলো প্ৰান্তৰ লোকেই সমৰ্থন জনাই আহিছে। এই জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ বিষয়ে ২০১৮ ৰ ৯ আগষ্টত  সংগঠন তথা সংসদৰ সংযুক্ত প্ৰতিনিধি বৰ্গই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ১২৫ জন সাংসদৰ স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ অৰ্পণ কৰা হৈছিল ।

উল্লেখ্য যে, ২০২৩ বৰ্ষত দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সমগ্ৰ দেশজুৰি স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হৈছিল আৰু যোৱা ২৯ অক্টোবৰত সমগ্ৰ দেশতেই সংগৃহিত হোৱা এক কোটিৰো অধিক সাক্ষৰ সম্বলিত পত্ৰসমূহ লৈ দেশৰ ৰাজধানী দিল্লীৰ সমীপৰ গাজিয়াবাদৰ পৰা এক বৃহৎ ৰেলীৰে প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈ লৈ যোৱা হৈছিল। সেই ৰেলীৰ অন্তত জেএছএফৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীয়ে  আমৰণ অনশন কাৰ্য্যসূচী পালন কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ প্ৰতিশ্ৰুতিত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ হস্তক্ষেপত আমৰণ অনশণ কাৰ্য্যসূচী উঠাই লোৱা হৈছিল।

একেদৰে যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনখনৰ বিষয়ে আলোচনা কৰিবলৈ এখন উচস্তৰীয় কমিটি গঠন কৰিবলৈ নিৰ্দেশ দিছিল। অসম জেএছএফ ৰ অধ্যক্ষ পঙ্কজ তালুকদাৰৰ লগতে কাৰ্য্যকৰ্তা সকলে জনায় যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ তৃতীয় কাৰ্য্যকালৰ আৰম্ভনীতেই দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিব বুলি যথেষ্ট আশাবাদী।

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ যোগেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অৰ্পণ কৰা  কাৰ্যসূচীত উপস্থিত থাকে JSF, অসমৰ অধ্যক্ষ পঙ্কজ তালুকদাৰ, সংগঠন সচিব মৃণাল গোস্বামী, উপাধ্যক্ষ ৰঞ্জন কুমাৰ মেধি, মহাসচিব পৰাগ ডেকা, জেএছএফ, অসমৰ মহিলা শক্তি গোটৰ অধ্যক্ষা জুলা শৰ্মাই ।

Exit mobile version