Majuli Sri Sri Bor Alengi Satra Satradhikar BhaBhananda Devgoswami Passes Away:মাজুলীৰ শ্ৰীশ্ৰী বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামীৰ দেহাৱসান

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ সত্ৰাধিকাৰগৰাকীৰ

satradhikar

Majuli Sri Sri Bor Alengi Satra Satradhikar BhaBhananda Devgoswami Passes Away:

সত্ৰ সংস্কৃতিৰ পৃষ্ঠভূমি মাজুলী শ্ৰীশ্ৰী বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামীৰ দেহাৱসান । আজি ৰাতিপুৱা সাত বজাত সত্ৰাধিকাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

৮৫ বছৰীয়া সত্ৰীয়া সাধক গৰাকী বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল মহানগৰীৰ জিএমচিএইছত ৷সুদীৰ্ঘ দিন ধৰি গুৰুদুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিক প্ৰচাৰৰ বাবে অহৰহ ব্ৰতী আছিল সত্ৰাধিকাৰ গৰাকীয়ে। সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামীৰ মৃত্যুত মাজুলী সহ ৰাজ্যৰ সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰে।

Exit mobile version