Tragic Incidents in Ghagrapar and Chirang:
নলবাৰীৰ ঘগ্ৰাপাৰত আৰু চিৰাঙৰ কাকৰাগাঁওৰ ৰাভাপাৰাত দুটা পৃথক ঘটনাত এগৰাকী যুৱতী সহ এজন লোক নৈত নিখোজ হোৱাৰ বিপৰীতে এগৰাকী দুবছৰীয়া শিশুক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
প্ৰথমটো ঘটনাৰ স্থান নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সঠামৌ গাঁও ৷ গাঁও খনৰে হৰেশ্বৰ বড়ো(৫৫) নামৰ লোক জনে গাঁৱৰ নিৰ্মীয়মাণ কালভাৰ্ট এটাৰ কাষত জালৰে মাছ মাৰি আছিল ৷ জাল মাৰি থাকোতে হঠাৎ পানীৰ পৰি তৎমুহূৰ্ততে সোঁতত পৰি উটি যায় ৷
আনহাতে, চিৰাঙৰ কাকৰাগাঁওৰ ৰাভাপাৰাত সংঘটিত হয় আন এটা শোকাৱহ ঘটনা ৷ ৰাভাপাৰাৰ কুজীয়া নৈৰ ওপৰত থকা কাঠৰ দলংৰ পৰা পৰি স্কুটীসহ নিখোজ এগৰাকী যুৱতী ৷ আনহাতে যুৱতী গৰাকীৰ লগত থকা কণমানি শিশু আহত অৱস্থাত উদ্ধাৰ হয় ৷ নিখোজ হোৱা যুৱতী গৰাকী তেজপুৰ ঢেকীয়াজুলীৰ জুনমনি ৰাভা (১৮) আৰু ইতিমধ্যে সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা দুবছৰীয়া কণমানিজনীৰ নাম বিদিছা ৰাভা (২)। আহত বিদিছাক বিদ্যাপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
উল্লেখ্য যে,জুনমনি আহিছিল বায়েকৰ ঘৰত ফুৰিবলৈ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷