Kejriwal’s interim bail was granted by the Supreme Court:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ

অন্তৱর্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

kejriwal

Kejriwal’s interim bail was granted by the Supreme Court:

তিহাৰ জেলত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ ৷ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তঃৱৰ্তীকালীন জামিন ৷ উল্লেখ্য যে,বহুচৰ্চিত আবকাৰী গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীক ইডিয়ে নতুন দিল্লীস্থ মুখ্যমন্ত্ৰী চৰকাৰী আবাসগৃহৰ পৰা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশ অনুসৰি তিহাৰ জেলত কাৰাৰুদ্ধ হৈ আছিল ৷

মনকৰিবলগীয়া যে,অৰবিন্দ কেজৰিৱালে অন্তঃৱৰ্তীকালীন জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব কিয়নো ৷বৰ্তমান চিবিআইৰ আন এক গোচৰত ন্যায়িক জিন্মাত আছে ৷ আনহাতে,ইডিৰ গ্ৰেপ্তাৰ সম্পৰ্কত ইতিমধ্যে খণ্ড বিচাৰপীঠে পৰৱৰ্তী শুনানিৰ বাবে শীৰ্ষ বিচাৰ পীঠলৈ প্ৰেৰণ কৰিছে ৷ আদালতে কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ নীতি আৰু ভিত্তি সন্দৰ্ভত কৰিব বিচাৰ। লগতে আদালতে অন্তঃৱৰ্তীকালীন জামিন সন্দৰ্ভতো ল’ব শুনানি ৷

স্মতৰ্ৱ্য যে,চলিত মাহৰ ৯ জুলাইত ইডিয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতত সপ্তমখন পৰিপূৰক চাৰ্জ শ্বীট দাখিল কৰি উল্লেখ কৰে যে,দিল্লীৰ সুৰানীতিৰ কেলেংকাৰিৰ মূল অভিযুক্ত অৰবিন্দ কেজৰিৱাল। সুৰানীতিৰ কেলেংকাৰিৰে সংগৃহীত বুজন পৰিমাণৰ ধন দলীয় কামত ব্যয় কৰিছে কেজৰিয়ালে ৷ ইডিয়ে চাৰ্জ শ্বীটত আৰু উল্লেখ কৰে যে,২০২২চনৰ গোৱা বিধানসভা নিৰ্বাচনত আপে সুৰানীতিৰ কেলেংকাৰিৰে সংগ্ৰহ কৰা বহুকোটি টকা ব্যয় কৰিছে ৷

উল্লেখ্য যে,আবকাৰী কেলেংকাৰি সম্পৰ্কত ২০২২ চনতে ইডি আৰু চিবিআই– এ কেজৰিয়ালৰ বিৰুদ্ধে সুকীয়া সুকীয়াকৈ ৰজু কৰিছিল গোচৰ ৷ সেই অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক ২০২২ অক্টোবৰৰ পৰাৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে ইডিয়ে সোধপোছৰ বাবে হাজিৰ হ’বলৈ নবাৰকৈ চমন দিছিল যদিও প্ৰতিবাৰেই চমন প্ৰত্যাখ্যান কৰিছিল ৷

ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্ত আদালতে জামিন নামাঞ্জৰ কৰাৰ পিছত ২১ মাৰ্চত মুখ্যমন্ত্ৰী আবাসগৃহৰ পৰাই ইডিয়ে বহু সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে কেজৰিয়ালক ৷ উল্লেখযোগ্য গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব বুলি ব্যাপক চৰ্চা চলিছিল যদিও পদত্যাগ নকৰাকৈ জে’ল গমন কৰে ৷

Exit mobile version