National Highway Roads in Assam are in Poor Condition:ৰাজ্যত বিধ্বস্ত ৰূপ লৈছে ৰাষ্ট্ৰীয় ঘাইপথে

বৃহৎ বৃহৎ দ গাঁতৰ সৃষ্টি সৰ্বাধিক কৰ আদায় কৰা, গলিয়া টোলগেটৰ হৈহপৰিছে চৰম বিপজ্জনক, টোল কৰ আদায়ত উচ্চতম ন্যায়ালয় নিৰ্দেশকো ভেঙুচালি

damage road

National Highway Roads in Assam are in Poor Condition

বিধ্বস্ত ৰূপ লৈছে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহে। চাৰিশাৰীযুক্ত নির্মীয়মাণ পথবোৰৰ কথা বাদেই, অন্যান্য ৰাষ্ট্ৰীয় পথবোৰো এনেদৰে ভাঙিবলৈ ধৰিছে যে সেয়া চৰম বিপজ্জনক হৈ পৰিছে। বৃহৎ বৃহৎ দ’ গাঁতেৰে ভৰি পৰিছে পথবোৰ। ফলত সঘনে দুর্ঘটনা সংঘটিত হৈছে। পথবোৰত এনেদৰে ঘন দ’ গাঁতৰ সৃষ্টি হৈছে যে সেইবোৰত গাড়ীৰ চকা নপৰাকৈ চলোৱাটো অভিজ্ঞ চালকৰ বাবেও সম্ভৱ হৈ থকা নাই।গতিকে ৰাষ্ট্ৰীয় পথত যি গতিত এখন বাহনে চলিব পাৰিব লাগে, সেয়া কোনোপধ্যে সম্ভৱ নহয়; অথচ এই পথবোৰৰ টোলগেটত কৰ সংগ্ৰহ পূৰামাত্রাই অব্যাহত আছে।

অসমৰ ৰাষ্ট্ৰীয় পথৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে সদায় পিঠি দি আহিছে। অসম চৰকাৰৰো কেন্দ্ৰৰ পৰা কাম আদায়ত ব্যর্থতা ইয়াৰ পৰাই প্রমাণিত হৈছে। উদাহৰণ স্বৰূপে দুটা আটাইতকৈ গুৰুত্বপূর্ণ বুলি বিবেচিত পথৰ দুৰৱস্থাই অসমত ৰাষ্ট্ৰীয় পথৰ দুর্দশাগ্রস্ত ৰূপক উদঙাই দিছে। এই পথ দুটা হ’ল ২৭ নম্বৰ আৰু ১৫ নম্বৰ। একেই দুৰৱস্থা আন অধিকাংশ পথেৰে। বক্সিৰহাটৰ পৰা জালুকবাৰীলৈ বিস্তৃত হৈ থকা পূৰ্বৰ ৩১ নম্বৰ তথা বৰ্তমান ২৭ নম্বৰ ঘাইপথটোৰ বেছিভাগ অংশতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। সর্বাধিক টোল কৰ সংগ্ৰহ কৰা গলিয়া টোলগেট এই পথটোতে অৱস্থিত।

উদ্বেগজনকভাবে গাড়ীৰ চকা জপিয়াই জঁপিয়াই গৈ এই টোলগেট পাৰ হ’ব লাগে। অথচ চাৰি শাৰীযুক্ত ৰাষ্ট্ৰীয় পথৰ অংশ হ’ল এই পথটো। বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈ বিস্তৃত হৈ থকা ৰাষ্ট্ৰীয় পথটোও বিধ্বস্ত হৈছে। অতি বিপজ্জনক হৈ পৰিছে পথটোৰে যাতায়াত ব্যবস্থা। বিশেষকৈ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ পথৰ অৱস্থা অধিক বেয়া হৈছে। অথচ এই পথটো উত্তৰ অসম আৰু অৰুণাচলৰ লগত যোগাযোগৰ মুখ্য পথ। পথটো উত্তৰ অসমৰ জীৱন ৰেখা বুলিও কোৱা হয়। এই পথটোৱেই দ- গাঁত আৰু বখলা-বখলিৰে ভৰি পৰিছে।

দীর্ঘদিনৰ পৰা অসমৰ ৰাষ্ট্ৰীয় পথৰ এই দুৰৱস্থা বাহাল আছে। মেৰামতিৰ অভাৱত দুৰৱস্থা অধিক বৃদ্ধি হৈছে। পথ নির্মাণত ব্যাপক অনিয়ম সংঘটিতও হৈছে। ইয়াৰ পৰিণতিতে যোৰহাটৰ টীয়কৰ পৰা শিৱসাগৰৰ ভটীয়াপাৰলৈ পথৰ যি দুৰৱস্থা হৈছে, তাৰ প্ৰভাৱ পূব অসমৰ অর্থনৈতিক ক্ষেত্ৰখনত পৰিছে। পথৰ দুৰৱস্থাই ৰাজ্যৰ সামগ্রিক অর্থব্যৱস্থাৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।

দুর্ভাগ্যৰ বিষয় এয়ে যে পথৰ দুৰৱস্থা হ’লে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল কৰ আদায়ত ন্যূনতমো কার্পণ্য কৰা নাই। বৰঞ্চ শেহতীয়াকৈ কৰৰ পৰিমাণ বৃদ্ধিহে কৰিছে। প্রসংগক্রমে উল্লেখ্য যে অসমত ১৪ খন টোলগেট আছে। লক্ষ্যণীয় বিষয়টো হ’ল যে যোৱা ২৬ জুনত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে মন্তব্য কৰিছিল যে যদি ৰাস্তাৰ অৱস্থা বেয়া হয়, তেতিয়াহ’লে টোল কৰ আদায় কৰিব নোৱাৰে। বিগত ২০১৫ত উচ্চতম ন্যায়ালয়েও এক নির্দেশত উল্লেখ কৰা অনুসৰি, ৰাস্তা বেয়া হ’লে কৰ আদায় কৰিব নোৱাৰে। তৎসত্ত্বেও অসমত টোল কৰ আদায় অব্যাহত আছে।

 এই প্রসংগতে উল্লেখ্য যে অসমত ৩৫ টা ৰাষ্ট্ৰীয় ঘাইপথ আছে। ইয়াৰ দৈৰ্ঘ্য হ’ল ৩,৯০০ কিলোমিটাৰ ।

Exit mobile version