One car is stolen every five minutes in Canada:
কানাডাত সম্প্রতি গাড়ী চুৰিৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে। গাড়ী চোৰৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে সৰ্বসাধাৰণ কানাডিয়ান ৷আনহাতে,গাড়ীৰ বীমা প্রদানকাৰী কোম্পানীসমূহে ইতিমধ্যে গাড়ী চুৰিক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে।
বিবিচিৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, সম্প্রতি কানাডাত প্রতি পাঁচ মিনিটত এখনকৈ গাড়ী চুৰি হৈছে। গাড়ী চুৰি ঘটনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কানাডাবাসীয়ে নিজৰ বাহন নিশা পহৰা দিয়াৰ প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলগীয়া হৈছে। কানাডা আৰক্ষীয়ে গাড়ী চোৰৰ সন্ধানত ইতিমধ্যে ইণ্টাৰপ’লৰ সহায় গ্ৰহণ কৰিলে।
প্রতিবেদনত উল্লেখ কৰা অনুসৰি ২০২২ত কানাডাত মুঠ ১০৫০০০ খন গাড়ী চুৰি হৈছিল। এইদৰে দেশখনত প্রতি পাঁচ মিনিটত এখনকৈ গাড়ী চুৰিৰ ঘটনা উক্ত বর্ষত সংঘটিত হৈছিল।
কানাডাই ইতিমধ্যে গাড়ী চুৰিৰ এই ঘটনাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে। গাড়ী চোৰৰ দৌৰাত্ম্যই কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুডুৱে উদ্বেগ বৃদ্ধি কৰিছে। সঘনে গাড়ী চুৰি হোৱাত সবাতোকৈ ক্ষতিগ্রস্ত হৈছে বীমাকাৰী কোম্পানীসমূহ। ২০২৪ৰ ফেব্ৰুৱাৰীৰ পৰা অভিযান চলাই কানাডা আৰক্ষীয়ে ১৫০০ ৰো অধিক চুৰি হোৱা বাহন উদ্ধাৰ কৰিলে।