Two youths were arrested for uploading a secret video of a young woman on a Bangladeshi web page:বাংলাদেশী ৱেব পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ আপলোড !

নগাঁৱত গ্ৰেপ্তাৰ দুই যুৱকক

nagaon

Two youths were arrested for uploading a secret video of a young woman on a Bangladeshi web page:

বাংলাদেশী ৱেব পেজত অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ আপলোড কৰি অহা সন্দৰ্ভত সময়ে সময়ে গুৰুতৰ অভিযোগ উদ্থাপিত হৈ থকাৰ মাজতে সোমবাৰে নগাঁৱত ৰাইজৰ তৎপৰতাত আটক হয় দুই লম্পট ৷

নগাঁও চহৰৰ খুটিকটীয়াত ৰাইজে আটক কৰি পিছত আৰক্ষীক চমজাই দিয়া দুই লম্পটৰ নাম মোৰতাজা আলম আৰু নফিছউদ্দিন ৷ দুয়োৰে পৰা জব্দ কৰা হয় কে’বাটাও ম’বাইল ৷ ম’বাইলত বহু মহিলাৰ গোপন ভিডিঅ’ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে,ধৃত দুই যুৱকে অসমীয়া যুৱতীৰ গোপন ভিডিঅ’ ম’বাইলত সময়ে সময়ে আৱদ্ধ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই ভিডিঅ’ বাংলাদেশৰ বিভিন্ন পৰ্ণ ৱেব পেজত আপলোড কৰি ধন ঘটি আহিছিল ৷ ইতিমধ্যে দুই লম্পটক নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,আজি নগাঁও চহৰৰ খুটিকটীয়াত এগৰাকী অসমীয়া মহিলাই গা-ধুই থকা ভিডিঅ’ এডজাষ্ট ফেনৰ ফাকেৰে আৱদ্ধ কৰাৰ চেষ্টা কৰোতেই ৰাইজে হাতে-লোটে আটক কৰি নগাঁও আৰক্ষীক গতাই দিয়ে লম্পট দুটাক । আকাশ আলী নামৰ আন এটা এতিয়াও পলাতক।

Exit mobile version