ssam Police and Militants Clash in Cachar: কাছাৰত অসম আৰক্ষী-উগ্ৰপন্থীৰ মাজত তুমুল সংঘর্ষ

আৰক্ষীৰ গুলীত নিহত তিনিটা মাৰ উগ্ৰপন্থী' আহত কে'বাজনো অসম আৰক্ষীৰ জোৱান

bhuvan pahar

Assam Police and Militants Clash in Cachar:

কাছাৰত অসম আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। ভুৱন পাহাৰত সংঘটিত এই সংঘৰ্ষত থিতাতে নিহত হয় তিনি উগ্ৰপন্থী । উল্লেখ্য যে,মঙলবাৰে বিয়লি ভাগত গোপন সূত্ৰৰ পমখেদি কাছাৰ আৰক্ষীৰ সশস্ত্ৰ দল এটাই অৰ্তকিতে অভিযান চলাই পূব ধলাইৰ আমৰাঘাট কৃষ্ণপুৰৰ গংগানগৰৰ পৰা তিনি মাৰ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে ধৃত উগ্ৰপন্থী কেইটাৰ পৰা জব্দ কৰিছিল এটা ৰিভলভাৰ আৰ এটা একে-৪৭ ।

আনহাতে,আটকাধীন উগ্ৰপন্থী কেইটাক লৈ আৰক্ষীয়ে নিশা ভুবন পাহাৰত অভিযান চলাইছিল ৷ অভিযান চলোৱাৰ সময়তে পাহাৰৰ ঘন জংঘলৰ পৰা হঠাতে আৰক্ষী দলটোলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত থিতাতে নিহত হয় তিনি উগ্ৰপন্থী সদস্য ৷ অসম আৰক্ষী-উগ্ৰপন্থীৰ মাজত প্ৰায় এঘন্টা সময় ধৰি সংঘৰ্ষ হয়।

নিহত উগ্ৰপন্থী তিনিটাৰ দুটাৰ ঘৰ কাছাৰত আৰু আন এটাৰ ঘৰ মণিপুৰত। স্মতৰ্ৱ্য যে,উগ্ৰপন্থীৰ গুলীত কে’বাজনো আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ভুবন পাহাৰত উগ্ৰপন্থী সদস্যৰ সন্ধানত আৰক্ষীয়ে ব্যাপক অভিযান অব্যাহত ৰাখিছে ।

Exit mobile version