Union Minister Prabitra Magherita:শ্বহীদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু কংগ্ৰেছৰ মুখত নুশুনো

শ্বহীদৰ নাম ল'বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে : কেন্দ্ৰীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা

pabitra magherita scaled

Union Minister Prabitra Magherita:

“অসম আন্দোলনৰ শ্বহীদৰ নাম ল’বলৈ গৌৰৱ গগৈয়ে সাহস কেনেকৈ কৰিলে ? গৌৰৱ গগৈৰ দলটোৱে ৮৬০ জন অসমীয়া যুৱকক গুলীয়াই হত্যা কৰিছিল” এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটাৰ। আজি বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাৰ্ঘেৰিটাই কয় যে অসম আন্দোলনৰ শ্বহীদৰ কথা বেলেগৰ মুখত শুনিম, কিন্তু গৌৰৱ গগৈৰ মুখত কিয় শুনিম? তেওঁলোকৰ দলৰ চৰকাৰে গুলীয়াই হত্যা কৰা শ্বহীদৰ কথা কংগ্ৰেছৰ মুখত শোভা নাপায়।

শ্বহীদৰ নাম ল’বলৈ গৌৰব গগৈয়ে লাজ পাব লাগিছিল। মন্ত্রী মাৰ্ঘেৰিটাই কয় যে বিগত নির্বাচনৰ পিছত ৩ খন আসন লাভ কৰা কংগ্ৰেছে আজিৰ দিনতো যদি ভাল দিন বুলি গণ্য কৰে, তেন্তে এনেকুৱা ভাল দিন কংগ্ৰেছৰ অহা দশক দশক জুৰি সদায় থাকক বুলিও দলটোক কটাক্ষ কৰে। যোৱা ৪০ বছৰত কংগ্ৰেছৰ এইবাৰেই বেয়া ফলাফল হৈছে। বিপৰীতে আমাৰ বিজেপি দলে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিগত সময়ছোৱাৰ সকলো অভিলেখ ভংগ কৰি জনাদেশ লাভ কৰিছে।

বিগত ২০১৯ ৰ লোকসভা নির্বাচনত আমি ৯ খন আসন লাভ কৰিছিলোঁ। এইবাৰ ১১ খন আসনত জয়ী হৈছোঁ। গতিকে ৩ ডাঙৰ নে ১১ ডাঙৰ এটা শিশুৱেও জানে। সাংবাদিকৰে বাৰ্তালাপত মাৰ্ঘেৰিটাই কয় যে ২০১৯ ৰ লোকসভা নির্বাচনত বিধানসভা সমষ্টি ভিত্তিক যদি চাও তেন্তে বিজেপিয়ে ৬৬ খন, অগপই ৯ খন, বিপিএফে ৪ খন, কংগ্রেছে ৩৩ আৰু এআইইউডিএফে ৮ খন আসন অর্থ্যাৎ বিৰোধীয়ে ৪১ খন আসনত আগবাঢ়িছিল।

বিপৰীতে আমি বিজেপি দলে ৭৯ খন আসনত সংখ্যাগৰিষ্ঠতা পাইছিলোঁ। ২০১৯ ৰ ৭৯ খন আসনত আগবঢ়াৰ বিপৰীতে ২০২৪ ৰ নিৰ্বাচনত ৯৩ টা বিধাসভা সমষ্টিত আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিছোঁ। কংগ্ৰেছে কেৱল ৩০ খন আসনতহে আগবাঢ়ি থাকিল, তৎস্বত্বেও ইমান বিজয়োল্লাসৰ অর্থ আমি বুজা নাই।

কেন্দ্রীয় মন্ত্রীজনে পুনৰ কয় যে আজিৰ তাৰিখত বিধানসভাৰ নির্বাচন হ’লে আমি ৯৩ খন আসনত জয়লাভ কৰিম আৰু কংগ্রেছে ৩০ খনতে সীমাবদ্ধ থাকিলহেতেঁন। গতিকে এনেকুৱা ভাল দিনৰ উৎসৱ কংগ্রেছে দশক দশক জুৰি পালন কৰি থাকক বুলিও কেন্দ্রীয় মন্ত্রীজনে কংগ্ৰেছক কটাক্ষ কবে। মাৰ্ঘেৰিটাই দোহাৰে যে আমি যদিও উজনি অসমৰ ৯ খন আসনত পিছপৰি আছো, দলে আভ্যন্তৰীণ বিশ্লেষণ কৰি এইকেইখন আসনো দখল কৰিবলৈ সক্ষম হ’ব।

কেন্দ্রীয় মন্ত্রীজনে পুনৰ কয় যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে দেশজুৰি আচলতে ৯৯ খন আসন লাভ কৰি এইধৰণৰ ফুৰ্তি কৰাৰ মূলতে তেওঁলোকৰ দলৰ মূল পৰিয়ালটোৰ ব্যক্তিজনৰ চাকৰিটো বচোৱাৰহে এক কৌশল আছিল। কাৰণ প্ৰতিটো নির্বাচনত পৰাজিত হৈ থাকি দলটোৰ কৰ্মীসকলৰ মাজত হতাশা-অসন্তুষ্টিয়ে গা কৰি উঠিছিল।

গতিকে মূল ব্যক্তিজনক ৰক্ষাৰ কাৰণে কংগ্ৰেছে হাৰিও বিজয়োল্লাস কৰিবলগীয়া হৈছে। বিগত তিনিটা নির্বাচনত কংগ্রেছ দলে লাভ কৰা আসনৰ সংখ্যা যোগ কৰিলেও এইবাৰ বিজেপি দলে লাভ কৰা সংখ্যাৰ সমানো নহয়গৈ। কেন্দ্রীয় ৰাজ্যিক বৈদেশিক মন্ত্রীজনে পুনৰ কয় যে যিহেতু ৰাইজে আমাক নির্বাচিত কৰিছে, আমি ৰাইজৰ ওচৰত দায়বদ্ধ। আমি অকল বিজয়োল্লাস পাতি মত্ত হৈ থকা নাই।

বিজেপি দলৰ মন্ত্ৰই হৈছে সেৱাই সংগঠন, গতিকে এতিয়া বানৰ সময়ত আমাৰ কার্যকৰ্তাসকলে বান ক্ষতিগ্রস্ত এলেকাত দুর্গত ৰাইজৰ উদ্ধাৰ আৰু সাহাৰ্যৰ কামত নিজকে মনোনিৱেশ কৰিছে। এই সুযোগতে বান ক্ষতিগ্রস্ত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলকো কেন্দ্রীয় মন্ত্রীজনে ধন্যবাদ জ্ঞাপন কৰে। ক্ষতিগ্রস্ত ৰাইজৰ হকে সমর্পিত মনোভাৱেৰে দিনে-নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰী সকলকো কংগ্ৰেছ তুচ্ছ-তাচ্ছিল্য কৰিবলৈ এৰা নাই বুলিও মন্ত্রী মাৰ্ঘেৰিটাই কংগ্ৰেছ দলক চোকা সমালোচনা কৰে। ক্ষতিগ্রস্ত ৰাইজক সহায় কৰা বিষয়া কৰ্মচাৰীক উপলুঙা নকৰিবলৈয়ো তেওঁ কংগ্ৰেছ দলক সকীয়াই দিয়ে।

উপ-নির্বাচন সন্দর্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্রীজনে কয় যে, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে কৰা কামকাজ আৰু দলৰ সভাপতি ভবেশ কলিতাৰ সাংগঠনিক দক্ষতাৰে আমি মিত্রজোঁটে ৫ খন আসনেই লাভ কৰিবলৈ সক্ষম হম। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ মডেলক সমগ্ৰ ৰাষ্ট্ৰই আজি আৰ্হি মডেল হিচাপে গ্রহণ কৰা বুলিও তেওঁ দোহাৰে। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে মেধাৰ ভিত্তিত এক লাখ চাকৰি দিয়া কাৰ্যক আনকি বিৰোধীয়েও মানি ল’বলৈ বাধ্য হোৱা বুলি তাৎপর্যপূর্ণভারে কেন্দ্রীয় মন্ত্রীজনে মন্তব্য কৰে।

Exit mobile version