Drugs  Seized In Barpeta :ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ

ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

paddlar

Drugs Seized In  Barpeta :

ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান ৷ বৰপেটাৰ সৰভোগত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সৰভোগৰ বগুৰীগুৰি পথাৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছাজিদ বিন হুছেইন ৷

বৰপেটাৰোড আৰু সৰভোগ আৰক্ষীৰ যৌথ অভিযানত ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰৰ লগতে 5.56 গ্ৰাম পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ ব্যৱসায়ীটোৱে বিচনাৰ তলত লুকুৱাই ৰখা অৱস্থাত ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ সোধপোচ অব্যাহত থকাৰ লগতে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ৷

Exit mobile version