Karimganj:কৰিমগঞ্জ কাৰাগাৰৰ পৰা যোৰহাট কাৰাগাৰলৈ স্থানান্তৰ যাৱজ্জীৱন কাৰাদণ্ড প্ৰাপ্ত আচামীক

order 1

Karimganj:

কৰিমগঞ্জ কাৰাগাৰৰ পৰা যোৰহাট কাৰাগাৰলৈ স্থানান্তৰ যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত আচামীক | কাৰাগাৰৰ মহাপৰিদৰ্শকৰ নিৰ্দেশত আজি পুৱা যাৱজ্জীৱন কাৰাদণ্ডৰ আচামী ছেলিম উদ্দিনক কৰিমগঞ্জ কাৰাগাৰৰ পৰা যোৰহাট কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।
কৰিমগঞ্জ কাৰাগাৰত থকা সময়ত ছেলিমে বহু সমস্যাৰ সৃষ্টি কৰি আহিছিল। আনকি কাৰাগাৰত থকা আন কয়দী সকলক আন্দোলন কৰোৱাৰ বাবে প্ৰৰোচিত কৰাৰো অভিযোগ ছেলিমৰ বিৰুদ্ধে।

উল্লেখ্য যে,ছেলিম উদ্দিন এজন কুখ্যাত অপৰাধী । কৰিমগঞ্জৰ ভাংগা এলেকাৰ জনৈক নাজ আহমদ নামৰ যুৱকক অপহৰনৰ পিছত মুক্তিপন আদায় কৰি হত্যা কৰিছিল ছেলিমে। এই অপহৰন তথা হত্যাৰ অন্যতম সাক্ষী নাজৰ পিতৃ তোফাইল আহমেদক গুলীৱাই হত্যা কৰিছিল দুষ্কৃতিকাৰীটোয়ে।

ছেলিম কাৰাগাৰত থকাৰ পিছত তোফাইল হত্যাকাণ্ডৰ মাষ্টাৰ প্লেনাৰ আছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পহৰৱৰ্তী সময়ত কৰিমগঞ্জৰ আদালতে ছেলিমক মৃত্যুদণ্ড দিছিল । পৰৱৰ্তী আপিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড খাৰিজ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়ে । কৰিমগঞ্জৰ কাৰাগাৰত থকাৰ পিছত ছেলিমে নিজকে ঠিক কৰিব পৰা নাই । আৰক্ষীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কৰিমগঞ্জৰ পৰা যোৰহাট কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

Exit mobile version