Acms Medical Camp:এচিএমএছ পানীতোলা শাখা আৰু আ’ল এনজিঅৰ স্বাস্থ্য শিৱিৰ

চাহ বাগিছাৰ চিকিৎসালয় চৰকাৰে অধিগ্রহন কৰক:প্রাক্তন বিধায়ক ৰাজু চাহু

MEDICAL CAMP 1

Acms Medical Camp:

অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্রাঃ বিধায়ক ৰাজু চাহুৱে এক প্রেছ বিবৃতি যোগে জনাইছে যে শুক্ৰবাৰে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা সংঘ আৰু আ’ল এনজিঅৰ সৌজন্যত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু বালিজান নর্থ চাহ বাগিছাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ উদ্যোগত বালিজান নর্থ চাহ বাগিছাৰ চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্টিত কৰা হয়।

তিনিচুকীয়াৰ অগ্রনী আ’ল নামৰ এন,জি, অই বিভিন্ন সময়ত বহু বছৰ ধৰি সামাজিক বিশেষকৈ চাহ বাগিছা অঞ্চলত জনকল্যাণমূলক কাম কাজ কৰি থকা দেখিবলৈ পোৱা যায়। এই আ’ল এন,জি, অৰ লগত সহযোগীতা কৰি অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাই বান পীড়িত চাহ বাগিছাৰ শ্ৰমিক ৰাইজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্রদান কৰি একেৰাহে প্রায় বিশ খন মান চাহ বাগিছাত স্বাস্থ্য শিবিৰ অনুষ্টিত কৰি আছে। আজি বালিজান নর্থ চাহ বাগিছাৰ চিকিৎসালয়ত এছডিএমঅকে আদি কৰি ৪ জন অভিজ্ঞ চিকিৎসকে প্রায় দুই শতাধিক ৰোগীক স্থাস্থ্য পৰীক্ষা কৰে। এনেধৰনৰ চাহ বাগিছাৰ শ্ৰমিক সকলৰ অভূতপূর্ব সহাৰিয়ে অসম চাহ মজদুৰ সংঘই অনাগত দিনত এনে ধৰনৰ শিবিৰ অনুষ্টিত কৰাৰ অনুপ্ৰেৰনা পাব। বিশেষকৈ চাহ বাগিছাত বানপানীৰ পিছত বিভিন্ন ধৰনৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়।

যোৱা কালি শিয়ালকটী চাহ বাগিছাৰ ৰঙামাটি চিকিৎসালয়ত স্বাস্থ্য শিবিৰ অনুষ্টিত কৰা হৈছিল। শিয়ালকটী চিকিৎসালয়ত স্থায়ী চিকিৎসক নাই। বাহিৰৰ পৰা সপ্তাহত দুদিন এজন চিকিৎসক বাগিছালৈ গৈ চিকিৎসা প্রদান কৰি আছে যদিও ৰোগীৰ তুলনাত সেয়া পৰ্য্যাপ্ত নহয়। যাৰ বাবে শ্রমিকে চিকিৎসা পোৱাত অসুবিধা পাইছে। এনে ধৰনৰ চাহ বাগিছাত বাগিছাৰ শ্ৰমিক সকল অলপ হলেও উপকৃত হয় তাৰ ওপৰত গুৰুত্ব প্রদান কৰি এনে ধৰনৰ স্থাস্থ্য শিবিৰ অনুষ্টিত কৰিবলৈ সংঘৰ ফালৰ পৰা উদ্যোগ লোৱা হৈছে।

চাহ বাগিছাৰ শ্ৰমিক সকলৰ বহু সংখ্যক ৰোগীৰ জ্বৰ, কাঁহ ওপৰিও ৰক্তহীনতাত ভোগা ৰোগীৰ সংখ্যা অধিক পোৱা গৈছে। তেখেত সকলে বাগিছাৰ চিকিৎসালয়ত অনুষ্টিত কৰা স্থাস্থ্য শিৱিৰত তেজ পৰীক্ষা কৰাৰ সুবিধা পাই উপকৃত হোৱা দেখা পোৱা গৈছে। বাগিছাৰ বয়োজ্যেষ্ঠ ব্যক্তি, কন কন শিশু, প্রসুতি মাতৃ সকল বা বহু দুখীযা টকা পইচাৰ অভাৱত ভোগা শ্রমিক তেওঁলোকৰ চিকিৎসা কৰাবলৈ অসমর্থ হোৱাত বাগিছাতেই বিভিন্ন ৰোগত আক্রান্ত হৈ কষ্ট পায় থাকে। যদি এনেধৰনৰ সুবিধা বাগিছাতেই পায় তেনে এক প্রচেষ্টা হাতত লোৱা হৈছে।

ইয়াৰওপৰি স্বাস্থ্য শিবিৰৰ কাৰ্য্যসূচীৰ পিছতেই আজি বালিজান নর্থ চাহ বাগিছাৰ ৪ নং চেকচনত হোৱা গড়াখহনীয়া বালিজান নর্থ চাহ বাগিছাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ সৈতে পৰিদৰ্শন কৰোঁ। প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সেনোৱালৰ বাসগৃহৰ সমীপৱর্তী বালিজান নর্থ চাহ বাগিছাৰ ৪ নং চেকচনটো ইতিমধ্যে যোৱা কেইদিনৰ বানত মথাউৰিৰ প্ৰায় ৩৫ টা কংকীটৰ খোটা খহাই প্রায় ১৫০ মিটাৰ খহাই লৈ গৈছে।

যিটো নেকি বালিজান নর্থ চাহ বাগিছাৰ ফেক্টীৰৰ পৰা প্রায় ৫০ মিটাৰ দূৰত্বত। যোৱা বছৰে চেংচন হোৱা মথাউৰি ঠিকাদাৰৰ গাফিলটীত এতিয়ালৈকে নির্মান নোহোৱাটো অতি দূভাগ্যজনক। আৰু অতি পৰিতাপৰ কথা যে এই ঠাইডোখৰত মাটি পেলাই কোনোমতে নৈৰ বুকুৰ পৰা ৰক্ষা কৰা হৈছে। এনেদৰে থাকিলে পৰবৰ্ত্ত বানত বালিজান নৰ্থ চাহ বাগিছা নৈৰ বুকুত নোহোৱা হব। যোৱা কেইদিনৰ বানত স্থানীয় বালিজান নর্থ বাসী শ্রমিকৰ নেৰানেপেৰা চেষ্টা নকৰা হলে বালিজান নর্থ ফেক্টৰী নৈৰ বুকুত জাহ গল হয়। সেয়ে ইয়াৰ উচিত পদক্ষেপ অতি সোনকালে লবলৈ চৰকাৰক দাবী জনায় ৷

ইতিমধ্যে যোৱা কেইদিনৰ হৈ যোৱা স্বাস্থ্য শিবিৰত উপস্থিত থকা সকলো শ্রমিকক ক্রমে: নলনী, দিনজান, ৰঙাগড়া, হাতীআলি, শিয়ালকটী চাহ বাগিছাৰ ৰাইজক ইয়াৰ জৰিয়তে আন্তৰিক অভিনন্দন জনাই প্ৰাক্তন বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে ২০ জুলাইত খাৰজান চাহ বাগিছাৰ চিকিৎসালয়, ২২ জুলাইত লিম্বুগুৰি চাহ বাগিছাৰ চিকিৎসালয়,২৩ জুলাইত গিলাপুখুৰী চাহ বাগিচাৰ চিকিৎসালয়,২৪ জুলাইত ধেলাখাট চাহ বাগিছা চিকিৎসালয়, আৰু ২৫ জুলাইত চান্দমাৰি চাহ বাগিছাৰ চিকিৎসালয়ত ৰাতিপুৱা ১০ বজাৰ পৰা স্থাস্থ্য শিবিৰ অনুষ্টিত হ’ব।

এই শিৱিৰ সমূহত উল্লিখিত চাহ বাগিছাৰ শ্ৰমিক সকলক স্বাস্থ্য শিবিৰত উপস্থিত থাকি নিজৰ স্থাস্থ্য পৰীক্ষা কৰাৰ সুবিধা লবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনায় ।

Exit mobile version