Assam Gunotsav 2025:অহাবৰ্ষৰ ছয় জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

gounautas

Assam Gunotsav 2025:

অহাবৰ্ষৰ ছয় জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ ৰাজ্যৰ ৩৫খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয় সামৰি হ’ব গুণোৎসৱ ৷ আনহাতে এই গুণোৎসৱে সামৰি ল’ব ৪৩ লাখৰো অধিক ছাত্র-ছাত্রীক ৷

সেই অনুসৰি ছয় জানুৱাৰীৰ পৰা ন জানুৱাৰীলৈ হ’বলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা জিলা কেইখন হ’ল নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি,বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু লখিমপুৰৰ বিদ্যালয় সমূহ ৷

আনহাতে ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱত সামৰি লোৱা জিলা কেইখন হ’ল যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়া,বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি আৰু হোজাইৰ শিক্ষানুষ্ঠান সমূহ ৷

Exit mobile version