Budget 2024:মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম খন পূৰ্ণাংগ ২০২৪ বৰ্ষৰ বাজেট সংসদত দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

nirmala sitaraman

Budget 2024:

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম আৰু বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমনৰ সপ্তম খন২০২৪-২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট মঙলবাৰে সংসদত দাখিল কৰে বিত্তমন্ত্ৰী সীতাৰমনে ৷ ।

বাজেটত কেতবোৰ সামগ্ৰীৰ দাম হ্ৰাসৰ প্ৰস্তাৱ লোৱাৰ বিপৰীতে আন কেতবোৰ সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হয় বাজেটত। আনহাতে এই বাজেটত তাৎপৰ্যপূৰ্ণ ভাৱে কেঞ্চাৰৰ তিনিবিধ জীৱনদায়িনী ঔষধৰ শুল্কও ৰেহাই দিয়াৰ ব্যৱস্থা কৰিচে । একেদৰে ৪ শতাংশ শুল্ক কমোৱাৰ ফলত দাম কমিব তামৰে তৈয়াৰী বিভিন্ন সামগ্ৰী ৷

প্লাষ্টিক জাতীয় সমগ্ৰীত চৰকাৰে আমদানি শুল্ক বৃদ্ধি কৰিবলৈ যোৱাৰ ফলত পিভিচি আৰু প্লাষ্টিক জাতীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব ৷ অৱশ্যে দাম কমিব সৌৰ পেনেল, সোণ-ৰূপ, ম’বাইল ফোন চাৰ্জাৰ,লিথিয়াম বেটাৰী, চামৰা জাতীয় সামগ্ৰী |উল্লিখিত সামগ্ৰীত আমদানি শুল্ক হ্ৰাস কৰাৰ ফলত দাম কমিব ৷

আয়কৰ ষ্টেণ্ডাৰ্ড ডিডাকচন ৭৫ হাজাৰ টকালৈ বৃদ্ধি | পূৰ্বে এই পৰিমাণ আছিল ৫০ হাজাৰ টকা। আনহাতে মধ্যবিত্তত সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আয়কৰক লৈ ডাঙৰ ঘোষণা কৰে বাজেটত ৷ বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমনে উল্লেখ কৰা অনুসৰি, বছৰি ৩ লাখ টকা উপাৰ্জনলৈ ৰেহাই দিয়া হৈছে আয়কৰ । একেদৰে ৩ৰ পৰা ৭ লাখলৈ আয়কৰ – ৫ শতাংশ,৭ৰ পৰা ১০ লাখলৈ আয়কৰ – ১০ শতাংশ,১০ৰ পৰা ১২ লাখলৈ আয়কৰ – ১৫ শতাংশ,১২ৰ পৰা ১৫ লাখলৈ আয়কৰ – ২০ শতাংশ আৰু ১৫ লাখৰ ওপৰত আয়কৰ – ৩০ শতাংশ ধাৰ্য কৰা হৈছে ৷

Exit mobile version