Inhuman incident in Nalbari Bartala: নলবাৰীৰ বৰতলাত অমানৱীয় ঘটনা

 তিনিদিন ধৰি শোৱনী কোঠাতে পৰি ৰল ৮০ বছৰীয়া বৃদ্ধা দেৱজানী ডেকাৰ মৃতদেহ

nalbari

Inhuman incident in Nalbari Bartala:

বৰলুইতৰ পাৰৰ নলবাৰীৰ এখন ঐতিহ্যমণ্ডিত গাঁও বৰতলা। এনে এখন গাঁৱতে সংঘটিত হল মানৱতাক জোকাৰি যোৱা এক নিৰ্মম ঘটনা। ৫ গৰাকীকৈ শিক্ষিত সহোদৰ ভাই – ককাই, ভতিজা- ভতিজী থকাৰ পাছতো বিগত তিনিদিন ধৰি নিজৰ শোৱনী কোঠাত পৰি ৰ’ল দেৱজানী ডেকা (৮০) নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ

স্থানীয় ৰাইজে প্ৰকাশ কৰামতে কালি নিশা এই ঘৰটোৰ পৰা দুৰ্গন্ধ পাই সন্দেহবশত সংশ্লিষ্ট মুকালমুৱা থানাক অৱগত কৰায়। খবৰ পোৱাৰ পাছতে মুকালমুৱা আৰক্ষী উক্ত গৃহটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ঘৰটোৰ গৰাকী দেৱজানী ডেকাৰ মৃতদেহ উদ্ধাৰ কৰে। লগতে আজি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰায়। লক্ষণীয় যে মৃতদেহটোৰ অৱস্থা পৰীক্ষা কৰি সেয়া তিনিদিন মান পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে উক্ত বৃদ্ধাগৰাকী দেৱজানী ডেকা আৰু তেওঁৰ ভনী ৰাধিকা ডেকা বিবাহিত আছিল যদিও অজ্ঞাত কাৰনত পাছলৈ বৰতলা কমাৰপাৰা চুবুৰিৰ পিতৃগৃহতে থাকিবলৈ লয়।

পাছলৈ বৰতলা হাইস্কুল আৰু পশু চিকিৎসালয়ৰ কাষত সাধাৰণ ঘৰ এটা সাজি যোৱা দহ বছৰমানৰ পৰা তাতেই থাকিবলৈ লয়। ইয়াৰ মাজতে কেইবছৰমান পূৰ্বে ভগ্নী ৰাধিকা ডেকাৰ মৃত্যু ঘটাত দেৱজানী ডেকাই ঘৰটোত অকলে থাকিবলৈ লয়।
ইপিনে ঘটনা সন্দৰ্ভত স্থানীয় একাংশ লোকে এইবুলি প্ৰকাশ কৰে যে কেইদিনমান পূৰ্বে বৃদ্ধাগৰাকী ৰাজপথত পিছল খাই পৰিছিল। যাৰ বাবে আঘাত প্ৰাপ্ত মহিলা গৰাকী শয্যাগত হৈ আছিল। কিন্তু এনে অৱস্থাতো দুৰ্ভাগ্যজনকভাৱে উক্ত নিঃসন্তান আঘাতপ্ৰাপ্ত বৃদ্ধাগৰাকীৰ খা-খবৰ ৰখা নাছিল তেওঁৰ সহোদৰ কোনো এজন ভাই- ককাই, ভতিজা বা আত্মীয় স্বজনে।

যাৰ ফলত চিকিৎসা বা পৰিচৰ্যা নাপাই মৃত্যুক সাৱটি লব লগা হোৱাৰ লগতে তিনিদিন ধৰি মৃতদেহ বিছনাতে পৰি ৰোৱাৰ দৰে মানৱতাক ভু- লুণ্ঠিত কৰাৰ দৰে এক ঘটনা সংঘটিত হল। অৱশ্যে তিনিদিন ধৰি মৃতদেহ এটা এনেদৰে তিনিদিন ধৰি পৰি ৰব লগা ঘটনাত তেওঁৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজনৰ লগতে স্থানীয় ৰাইজে নিজৰ ভূমিকাকো সমালোচনা কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বেজালিৰ সন্দেহত এজন যুৱকক হাতত বান্ধি, চূণৰ ফোট দি ৰাস্তাই ৰাস্তাই ঘূৰাই মৰেল পুলিচৰ ভূমিকা লৈ মানৱতা উলঙ্ঘনৰ অভিযোগত ৰাজ্যজুৰি চৰ্চালৈ আহিছিল বৰতলা।

Exit mobile version