Number of Internet users in India has increased by 144.1 million Last 10 Years:বিগত ১০ বছৰত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰী ১৪.৪১ কোটি বৃদ্ধি পালে

internet

Number of Internet users in India has increased by 144.1 million Last 10 Years:

ভাৰতত দ্রুতগতিত ম’বাইল ফোনৰ গ্ৰাহক আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। টেলিকম আৰু গ্রামীণ বিকাশ ৰাজ্যমন্ত্রী ডাঃ পেম্মাছানি চন্দ্র শ্বেখৰি সদনত এই বিষয়ত তথ্য সদৰী কৰি জনোৱা অনুসৰি, ২০১৪ৰ ৩১ মাৰ্চত ভাৰতত টেলিফোন ধাৰকৰ সংখ্যা আছিল ৯৩.৩ কোটি। যোৱা ৩১ মার্চত দেশত টেলিফোন ধাৰকৰ সংখ্যা ১১৯.৮৭ কোটিলৈ বৃদ্ধি পালে। বিগত ১০ বছৰত দেশত টেলিফোন ধাৰকৰ সংখ্যা ২৮.৪৮ শতাংশ বৃদ্ধি পালে। ইফালে, ৩১মার্চ ২০১৪ত ভাৰতত ম’বাইল ফোনৰ গ্ৰাহকৰ সংখ্যা আছিল ৯০.৪৫ কোটি।

২০২৪ৰ ৩১ মাৰ্চত দেশত ম’বাইল ফোনৰ গ্ৰাহকৰ সংখ্যা ১১৬.৫৯ কোটিলৈ বৃদ্ধি পালে। এই ক্ষেত্ৰত বৃদ্ধিৰ হাৰ আছিল ২৮.৯০ শতাংশ। আনহাতে, ৩১ মার্চ ২০১৪ত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ২৫.১৬ কোটি। ২০২৪ৰ ৩১ মার্চত দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৯৫,৪৪ কোটিলৈ বৃদ্ধি পালে। এই ক্ষেত্ৰত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাবৃদ্ধিৰ হাৰ আছিল ২৭৯.৩৩ শতাংশ। বিগত ১০ বছৰত দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ১৪.৪১ কোটি বৃদ্ধি পালে।

Exit mobile version