Bhabesh kalita Pressmeet : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সংবাদমেল সম্বোধন 

কংগ্ৰেছে মিচা কথা কৈ ভোট লব বিছাৰে

bhabesh kalita

Bhabesh kalita Pressmeet :

অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই এক সংবাদমেল সম্বোধন কৰে ৷সংবাদমেলত সদৰি কৰা মতে,আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক ৷ অসমৰ বান পৰিস্থিতিৰ বাবে পিচুৱা হৈছিল বিজেপিৰ কাৰ্যনিৰ্বাহক ৷ কাৰ্যনিৰ্বাহকত আলোচনা হ’ব উপ-নিৰ্বাচন সন্দৰ্ভত ৷

সংবাদমেলত কলিতাই আৰু কয় যে,অসমৰ মৰ্চা সমূহত নহয় সালসলনি ৷ প্ৰদেশ বিজেপিৰ যুৱ মৰ্চাৰ সদ্য প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক বিজেপিৰ ৰাজ্যিক কায্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰি আগন্তুক অসমৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত চিডলীত ইউপিপিএল, বঙাইগাঁৱত অগপ, চামগুৰি, ঢলাই আৰু বিহালীত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰি চামগুৰিৰ বাবে বিজেপিয়ে যুঁজ দিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

আনহাতে উপ- নিৰ্বাচনৰ ৫ সমষ্টিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৫ মন্ত্ৰীক ৷ সেই অনুসৰি বিহালীৰ দ্বায়িত্বত মন্ত্ৰী পীযুষ হাজৰিকা  ৷ চামগুৰিৰ দায়িত্বত মন্ত্ৰী বিমল বৰা ৷ চিডলীৰ দায়িত্বত মন্ত্ৰী অশোক সিংঘল ৷ ধলাইৰ  দায়িত্বত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বঙাইগাঁৱৰ দায়িত্বত মন্ত্ৰী ৰণজিত কুমাৰ দাসক দিয়া হয় ৷ ৷

লোকসভাৰ সময়ত বিজেপিৰ সমীক্ষা সন্দৰ্ভত ভবেশ কলিতাৰ মন্তব্য ৷ লক্ষাধিক মহিলাই অৰুনোদয়ৰ বাবে আবেদন কৰিছে ৷ ছাত্ৰী সকলে আবেদন কৰিছে নিযুত মইনা আঁচনিৰ বাবে। আনহাতে কংগ্ৰেছে মিচা কথা কৈ ভোট লব বিছাৰে ৷ কিন্ত ৰাইজে তেওঁলোকক নিৰ্বাচনত নাকচ কৰি আহিছে ৷ আগন্তুক পঞ্চায়ত আৰু উপ- নিৰ্বাচনত পুনৰ কংগ্ৰেছে মুখ থেকেঁচা খাব বুলি কয় কলিতাই ৷

Exit mobile version