Charideo Maidam has been recognized as a World Heritage Site:অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ

বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে, নতুন দিল্লীত ইউনেস্ক’ৰ শীৰ্ষ বিষয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ কথা ঘোষণা, ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্ণিত হ'ল চৰাইদেউ মৈদাম

maidam

Charideo Maidam has been recognized as a World Heritage Site:

অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ ৷ সকলো উৎকণ্ঠাৰ অন্ত পেলাই চৰাইদেউ মৈদামে পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। ইয়াৰ লগে লগে অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে চিহ্ণিত হ’ল চৰাইদেউ মৈদাম। নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড হেৰিটেজ কমিটীৰ বৈঠকত আনুষ্ঠানিকভাৱে ইউনেস্ক’ৰ শীৰ্ষ বিষয়াই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিছিল বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি ৷ স্মতৰ্ৱ্য যে,বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাব বুলি ছচিয়েল মিডিয়াযোগে অসমবাসীক জনাইছিল।

ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিল, চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ স্বীকৃতি অসমৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ’ব। আমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছো। এই স্মৰণীয় মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ আমি একত্ৰিত হওঁ আহক, একেলগে উদযাপন কৰো আহক আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱ।

Exit mobile version