Assam vehicles again banned from entering Meghalaya: মেঘালয়ত প্ৰৱেশত পুনৰ অসমৰ বাহনক বাধা

শ্বিলঙত অসমৰ পৰ্যটকৰ বাহন চলাচলত বাধা, খাচি ছাত্র সন্থা আৰু মেঘালয় বাহন চালক সন্থা বাধা প্রদান বাহন চলাচলত, চেৰাপুঞ্জী, ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ, মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হোৱাৰ আশংকা, মেঘালয় পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীনৰ আশংকা

MEGHALAYA 1

Assam vehicles again banned from entering Meghalaya:

গুৱাহাটী সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চল সহ দক্ষিণ পূব -এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে বিবেচিত হৈ আহিছে ৷ এনেক্ষেত্ৰত মেঘালয়ৰ নৈসৰ্গিক দৃশ্যৰাজী ভ্ৰমণ কৰিবৰ বাবে প্ৰতি পৰ্যটনবৰ্ষত গুৱাহাটীত উপস্থিত হয় দেশ- বিদেশৰ পৰ্যটক সকল ৷ অসমৰ পৰা অসম,মেঘালয় আৰু অৰুণাচলৰ ৰাষ্ট্ৰীয় পাৰ্মিট থকা বাহনৰে শ্বিলং সহ মেঘালয়ৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি পুনৰ অসম হৈ নিজ নিজ গৃহৰাজ্যলৈ উভতি যায় পৰ্যটক সকল ৷

এনেদৰেই মেঘালয় পৰ্যটন উদ্যোগলৈ বিশেষ অৰিহনা আগবঢ়াই অহা অসমৰ বাহন চালকলৈ অশুণি সংকেত কঢ়িয়াই আনে মেঘালয় বাহন চালক সন্থাই ৷ অসমৰ বাহনৰ শেষ সীমাৰেখা শ্বিলঙ হোৱাৰ দাবীত মেঘালয় বাহন চালক সন্থাই
মেঘালয় পৰ্যটন মন্ত্ৰীক এক দাবীপত্ৰ প্ৰদান কৰিছিল । ইয়াৰ পাছতে অসমৰ বিশেষকৈ গুৱাহাটীস্থ টেক্সিচালকৰ মাজত হাহাকাৰ লাগে ৷ তেওঁলোকেও উভতি ধৰে মেঘালয় বাহন চালক সন্থাক ৷

গুৱাহাটী কেব চালকৰ হুংকাৰ দিয়ে যে,মেঘালয়ৰ পৰা অহা বাহনৰ শেষ সীমা হ’ব খানাপাৰা ৷ এনে বাদবিবাদৰ মাজতে মেঘালয় পৰ্যটন মন্ত্ৰীয়ে ঘোষণা কৰে যে,অসমৰ পৰ্যটন বাহন সমূহৰ যিহেতুকে অসম,মেঘালয় আৰু অৰুণাচলৰ ৰাষ্ট্ৰীয় পাৰ্মিট আছে। সেয়েহে তেওঁলোকে মেঘালয়ত বাহন চলোৱাত কোনো বাধাৰোপ কৰা নহ’ব ৷

এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত বিষয়টো সামৰণি পৰিছিল যদিও শুক্ৰবাৰ এক ঘটনাক্ৰমে ভুতৰ ওপৰত দানহ পৰাৰ দৰে খাচি ছাত্র সন্থা আৰু মেঘালয় বাহন চালক সন্থাই পুনৰ অসমৰ বাহন চলোৱাত বাধাৰোপ কৰে মেঘালয়ত ৷ চেৰাপুঞ্জী-ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

মেঘালয়ত বহিঃৰাজ্যৰ বাহন প্ৰৱেশত বাধা দল-সংগঠনৰ। খাচী টেক্সি চালক সন্থাৰ প্ৰতিবাদত আবদ্ধ হৈ পৰে গুৱাহাটী সহ বহিঃৰাজ্যৰ শ শ বাহন। প্ৰতিবাদকাৰীৰ চৰ্ত স্থানীয় বাণিজ্যিক বাহনত উঠিহে মেঘালয় ফুৰিব পাৰিব । আনহাতে বিষয়টো সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসমৰ টেক্সি চালক সন্থাই।

ইপিনে,অসমৰ লগতে আন ৰাজ্যৰ বাহনৰ প্ৰৱেশত বাধা দিয়াৰ ফলত মেঘালয়ৰ পৰ্যটন উদ্যোগত ব্যাপক প্ৰভাৱ পৰিছে। মেঘালয় পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । শুক্ৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হোৱাৰ বিপৰীতে শণিবাৰে শ্বিলঙৰ হোটেলসমূহত ৫০% বুকিং বাতিলৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । বিশেষকৈ অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে,টেক্সি বিতৰ্কক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ৷ আমেৰিকাৰ পৰ্যটকক মেঘালয় ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ ভাৰতস্থ মাৰ্কিন দূতাবাসৰ ৷ পৰিস্থিতি উন্নত নোহোৱালৈকে মেঘালয় ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ আহ্বান মাৰ্কিন নাগৰিকক ৷

Exit mobile version