dc 1

District Commissioners Conference at Chief Minister’s Office:মুখ্যমন্ত্ৰী কাৰ্যালয়ত জিলা আয়ুক্ত সন্মিলন

➡️মুখ্যমন্ত্ৰী কাৰ্যালয়ত জিলা আয়ুক্ত সন্মিলন ৷

➡️সন্মিলনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা ৷

➡️উপস্থিত থাকে সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস আৰু মুখ্যসচিব ৰবি কোটা ।

➡️ৰাজ্যৰ সকলো জিলা আয়ুক্তৰে মতবিনিময় মুখ্যমন্ত্ৰীৰ ৷

➡️দুই অক্টোবৰৰ পূৰ্বে আৰম্ভ হ’ব উপ- জিলা ৷

➡️উপ-জিলাসমূহক অচিৰেই প্ৰদান কৰা হ’ব ক্ষমতা ৷

➡️কামৰূপ জিলাত হ’ব দুখন উপ-জিলা ৷

➡️উপ-জিলাৰ কামকাজ বৰ্তমানঅস্থায়ী কাৰ্যালয়ৰ পৰা আৰম্ভ হ’ব ৷

➡️অচিৰেই নিৰ্মাণ কৰা হ’ব স্থায়ী কাৰ্যালয় ৷

➡️সদ্যহতে স্থায়ী কাৰ্যালয়ৰ স্থানতে হ’ব অস্থায়ী কাৰ্যালয় ৷

➡️১৫ আগষ্টৰ পূৰ্বে সকলো আচৱাব অস্থায়ী কাৰ্যালয়তে থাকিব লাগিব ৷

➡️মঙলবাৰে আয়ুক্ত সকলক উপ- জিলাৰ স্থায়ী কাৰ্যালয়ৰ নক্সা দেখুৱাব লোকনিৰ্মাণ বিভাগে ৷

➡️মহকুমাধিপতি সকলক মহীশূৰত দিয়া হ’ব প্ৰশিক্ষণ ৷

➡️নৱ নিযুক্ত এচিএছ বিষয়া সকলক নিয়োজিত কৰা হ’ব উপ- জিলা সমূহত ৷

➡️ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় ৷

➡️ৰাজ্য চৰকাৰৰ ৰূপায়িত সকলো আঁচনি আয়ুক্তই পোনপটীয়াকৈ চাব ৷

➡️বৰাকৰ দুই জিলা হাইলাকান্দি, কৰিমগঞ্জৰ আয়ুক্তই সীমান্তত সময় দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

➡️পঞ্চায়তৰ পুনৰ গঠনক লৈ সক্ৰিয় হোৱাৰ আহ্বান ৷

➡️৩১ ডিচেম্বৰৰ ভিতৰত হ’ব পঞ্চায়ত নিৰ্বাচন ৷

➡️কেবিনেটত এতিয়াৰ নহ’ব আমিষ আহাৰ ৷

➡️নিৰামিষ আহাৰ হ’ব কেবিনেটত ৷

➡️মন্ত্ৰী বা মুখ্যমন্ত্ৰীকে ধৰি কোনো আমোলাক নিৰামিষ খাদ্যৰ বাহিৰে বাকী একো আপ্যায়ন নকৰিবলৈ নিৰ্দেশ আয়ুক্তক ৷

➡️চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য ,কেৱল নিৰামিষ খাদ্যৰহে অনুমতি ৷

➡️অৱশ্যে ৰাজ্যিক অতিথিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব ।

➡️গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক হ’লে মন্ত্রীসকল একেলগে যাব নোৱাৰিব,নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যাব ৷

➡️মুখ্যমন্ত্ৰীৰ কনভয়ত দহ খনৰ অধিক গাড়ী নাথাকিব ৷

➡️ৰাজনৈতিক ব্যক্তিৰ হাতত থাকিব এখন গাড়ী ৷

➡️ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আয়ুক্তই অইল সহ চাহ বাগান সমূহত কিছু সময় দিব ৷

Exit mobile version