Mangaldai Tragic Incident:মঙলদৈত শোকাৱহ ঘটনা, মাতৃৰ চিকিৎসা কৰিবলৈ গৈ পুত্ৰৰ মৃত্যু

ধনৰ অভাৱত আনিব পৰা নাই পুত্ৰৰ মৃতদেহ

passes away 1

Mangaldai Tragic Incident:

হৃদয় বিদাৰক ! মাতৃৰ চিকিৎসা কৰাবলৈ গৈ ঘূৰি আহিব পুত্ৰৰ নিহৰ দেহ । এই ঘটনা মঙলদৈ মিলনপুৰৰ এটি পৰিয়ালত সংঘটিত হৈছে । মঙলদৈ মিলনপুৰৰ ভোগেশ্বৰী নাথ নামৰ মহিলা এগৰাকীক যোৱা ৫ জুনত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ গৈছিল পুত্ৰ ধ্ৰুৱ জ্যোতি নাথে। কিন্তু মাতৃৰ চিকিৎসা চলি থকাৰ মাজতে পুত্ৰ ধ্ৰুৱজ্যোতি নাথ জ্বৰত গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে। একাংশৰ পৰামৰ্শ মতে জ্বৰ, জণ্ডিচ ৰোগত আক্ৰান্ত ধ্ৰুৱজ্যোতিক ২৪ জুলাইত হায়দৰাবাদৰ এআইজি হাস্পতালত ভৰ্তি কৰোৱাই যদিও অবিবাহিত ধ্ৰুৱজ্যোতি নাথৰ চিকিৎসাধনীন অৱস্থাতাতেই মৃত্যু হয়।

দিল্লীৰ অসম ভৱনত ৰাখি পুত্ৰই চিকিৎসা কৰি আছিল মাতৃৰ । মাতৃ বৰ্তমানেও দিল্লী অসম ভৱনতেই আছে। নাজানে পুত্ৰৰ মৃত্যু হোৱাৰ কথা । এআইজিত চিকিৎসালয়ৰ বিল প্ৰায় ৪ লাখ টকাৰ বিল পৰিশোধ কৰিবলগীয়া হোৱাত এতিয়াও মৃতদেহ চিকিৎসালয়ৰ আছে।

ধ্ৰুৱজ্যোতি নাথৰ মৃতদেহটো নিজ ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ, প্ৰশাসনক কাতৰ আহ্বান ঘৰখনত থকা একমাত্ৰ ভনীয়েকৰ। অৱশ্যে দিল্লীৰ অসম ভৱনৰ বিষয়া-কৰ্মচাৰী আৰু মঙলদৈ মিলনপুৰৰ একাংশ লোকে মাতৃক ঘৰলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে যদিও সেইয়া পৰ্যাপ্ত নহয়। ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিয়ালৰ লোকে।

Exit mobile version