Hamas chief killed in attack on his residence in Tehran:হামাছৰ মুৰব্বী ইছমাইল হানিয়েকক হত্যা

ইৰাণৰ ৰাজধানী তেহৰাণস্থ বাসগৃহত হত্যা হানিয়েকক, হানিয়েকৰ দেহৰক্ষীকো হত্যা, আই আৰ জি চি- এ এই কথা সদৰি কৰিছে, কোনে হত্যা কৰিছে এই সন্দৰ্ভত সদৰি কৰাৰ পৰা বিৰত থাকিল আই আৰ জি চি

hamaj 1

Hamas chief killed in attack on his residence in Tehran:

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আই আৰ জি চি) এক বিবৃতিত নিশ্চিত কৰিছে যে হামাছৰ মুৰব্বী ইছমাইল হানিয়েক আৰু তেওঁৰ এজন দেহৰক্ষীক তেহৰাণত থকা বাসগৃহত হত্যা কৰাৰ কথা প্ৰকাশ কৰে ৷

আই আৰ জি চিৰ জনসংযোগ বিভাগৰ এক বিবৃতিত সদৰি কৰা মতে বুধবাৰে পুৱা এই আক্ৰমণ সংঘটিত হয় ৷ অৱশ্যে কোনে হত্যা কৰিলে এই কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকি এই সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ইৰাণী সেনাৰ সন্থাটোৱে ৷

বিবৃতিটোত আই আৰ জি চি- এ হামাছৰ নেতাগৰাকীৰ মৃত্যুত পেলেষ্টাইনৰ জনসাধাৰণ, মুছলমান বিশ্ব আৰু ৰেজিষ্টেন্স ফ্ৰণ্টৰ যোদ্ধাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷

আনহাতে, হামাছৰ এক বিবৃতিত কোৱা হৈছে যে তেহৰাণত থকা নিজৰ বাসগৃহত “ইজৰাইলৰ এক পৰিকল্পিত” অভিযানত পেলেষ্টাইনী দুৰ্ধৰ্ষ নেতা ইছমাইল হানিয়েহক হত্যা কৰা হৈছে।

হামাছৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য মৌছা আবু মাৰ্জুকে কয় যে ইছমাইল হানিয়েহৰ “কাপুৰুষীয়া” হত্যাকাণ্ডৰ “উত্তৰহীন নহ’ব”। উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলবাৰে হানিয়েে ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশ লৈ ইৰাণৰ জ্যেষ্ঠ নেতৃবৰ্গক সাক্ষাৎ কৰিছিল।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে হোৱা বৈঠকত হামাছ আৰু পেলেষ্টাইনৰ প্ৰতি তেহৰানে সমৰ্থন আগবঢ়োৱাৰ প্ৰশংসা কৰাৰ কিছু ঘণ্টাৰ পিছতে হত্যা কৰা হয় পেলেষ্টাইনী নেতাগৰাকীক।

মনকৰিবলগীয়া যে হামাছৰ স’তে বিগত দহমাহ ধৰি তয়াময়া যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে ৷ বিগত দিনত ইজৰাইলৰ আক্ৰমণত তিস্তিব নোৱাৰি হামাছৰ বাঘা বাঘা নেতা গাজাপট্টী এৰি কাষৰীয়া বহু কেইখন দেশত আশ্ৰয় গ্ৰহণ কৰিছে। ইতিপূৰ্বে ইছৰাইলে হত্যা কৰিছে বহু কেইগৰাকী শীৰ্ষ হামাছৰ নেতাক ৷ কিন্ত ইজৰাইল টাৰ্গেটত আছিল হামাছৰ মুৰব্বী হানিয়েহ ৷

Exit mobile version