Amrit Brikshya Andolan Launched in Assam Today:ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন

‘মাৰ নামত এজোপা গছ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ,অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

dispur 1

Amrit Brikshya Andolan Launched in Assam Today:

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন ৷ এখন সেউজ ধৰণী গঢ়াৰ দিশত ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতা প্ৰকাশেৰে বৃহস্পতিবাৰে মহানগৰীৰ দিছপুৰস্থিত মন্ত্ৰীসকলৰ আৱাসিক চৌহদৰ উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটি অশোক গছৰ পুলি ৰোপণ কৰি চলিত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গছপুলি একোডাল নিজ নিজ মাতৃৰ নামত ৰোপণ কৰিবলৈ দেশবাসীক জনোৱা আহ্বানৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰে ‘এজুপি গছ মাৰ নামত’ শীৰ্ষক মূল বিষয়বস্তু লৈ এই বৰ্ষৰ অমৃত বৃক্ষ আন্দোলন গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে এইবাৰ মুঠ ৩ কোটি গছপুলি ৰাজ্যৰ চুকে-কোণে ৰোপণৰ লক্ষ্য লৈছে অসম চৰকাৰে ৷

Exit mobile version