Guwahati University:সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

আন্তঃগাঁথনিৰ চৰম দুৰ্বলতাৰ বলি ছাত্র-ছাত্রী: ৰাষ্ট্ৰীয় শিক্ষানীতি উলংঘা, অসম নতুন নীতি ৰূপায়ণৰ সকলোতকৈ আগত বুলি দাবী : কেবল শুনি ভাল লগাঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ

gu

Guwahati University:

কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম ষান্মাসিকৰে ফলাফল ঘোষণা কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি উচ্চ শিক্ষানুষ্ঠান খনৰ ওপৰত নতুন নতুন দায়িত্ব জাপি দিয়াৰ বিপৰীতে আন্তঃগাঁথনি উন্নয়নৰ দিশটোক সম্পূর্ণ উপেক্ষা কৰা হৈছে।

গুৰুত্বপূৰ্ণ দিশটো হ’ল যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণত অসম দেশৰ ভিতৰত আগত থকা বুলি শিক্ষামন্ত্রী তথা শিক্ষা বিভাগে দাবী কৰি আহিছে। অথচ এনে দাবীৰ বিপৰীতে হাতে-কামে কৰাটোক উপেক্ষা কৰাৰ বাবেই বাস্তৱত শিক্ষানীতি উলংঘা হোৱাটো বিশ্ববিদ্যালয়ৰ ফলাফল ঘোষণাত অভাৱনীয়ভাবে বিলম্ব হোৱাটোৱেই স্পষ্ট কৰিছে। শিক্ষা নীতি অনুসৰি, পৰীক্ষা শেষ হোৱাৰ এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগে।

তাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়বোৰত যোৱা ডিচেম্বৰ-জানুৱাৰীতে প্ৰথম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত হয় যদিও আজিলৈকে ফলাফল ঘোষিত হোৱা নাই। যোৱা জুনত দ্বিতীয় ষান্মাসিকৰো পৰীক্ষা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে ফলাফল ঘোষিত নহ’লেও পৰৱৰ্তী ষাণ্মাসিকৰ পৰীক্ষাত বহিব পাৰে বাবেহে ছাত্র-ছাত্রীসকলে দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত বহিবলৈ সক্ষম হয়। সেই অনুসৰিহে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত বহিবলৈ সক্ষম হয়। ফলাফল ঘোষণা নোহোৱাটোৱে ষান্মাসিক ব্যৱস্থাটোকো ভ্রূকুটি কৰিছে।

নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত উত্তৰ বহীবোৰ মহাবিদ্যালয়বোৰে নিৰ্ধাৰিত মহাবিদ্যালয়বোৰলৈ প্ৰেৰণ কৰে। কাৰণ উত্তৰ বহী ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ মহাবিদ্যালয়ত চোৱা নহয়। আন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাইহে চায়। বহী চোৱাৰ পাছত সকলো তথ্য গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্রেৰণ কৰা হয়। বিশ্ববিদ্যালয়ত নম্বৰবোৰ যথাস্থানত অন্তর্ভুক্ত কৰা হয়, ফলাফল ঘোষণাৰ বাবে সাজু কৰা হয়।

এনেদৰে বিশ্ববিদ্যালয়ে ফলাফল ঘোষণাৰ পূৰ্বে কে’বাটাও প্রক্রিয়া সম্পন্ন কৰিব লাগে। বিশ্ববিদ্যালয়খনৰ সূত্রই জনায় যে এই কামবোৰ যথেষ্ট সতৰ্কতাৰে কৰিব লাগে। সময়মতে কামবোৰ শেষ কৰিবলৈ আন্তঃগাঁথনিও শক্তিশালী হ’ব লাগে। অথচ বিশ্ববিদ্যালয় খনৰ আন্তঃগাঁথনি কামৰ পৰিমাণৰ বিপৰীতে যথেষ্ট দুর্বল।

কামবোৰ কৰিবলৈ প্রয়োজনীয় সংখ্যক মানুহো নাই। ইয়াৰ বিপৰীতে পৰীক্ষাৰ সংখ্যা তথা মাত্রা যথেষ্ট বৃদ্ধি হৈছে। গতিকে সকলো কামেই পিছুৱাই গৈছে। ইয়াৰ পৰা ৰক্ষা পৰা নাই পৰীক্ষাৰ ফলাফলৰ দৰে বিষয়ো। এনে কাৰণতে পৰীক্ষাৰ সাতমাহ পাছতো ফলাফল ঘোষণাত বিশ্ববিদ্যালয়খন ব্যর্থ হৈছে।

Exit mobile version