kamrup Dist. Consumer Disputed Redressal Forum Judgement:ছʼনী মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

kamrup 1

kamrup Dist. Consumer Disputed Redressal Forum Judgement:

গ্ৰাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এক নিৰ্দেশ যোগে ছʼনী মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, নিনা বৈৰাগী নামৰ এগৰাকী গ্ৰাহকে ২০১৫ চনৰ ১০ আগষ্টত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ ছʼনী চেণ্টাৰৰ পৰা ৫২,৯৯০ টকা মূল্যৰ এটা মোবাইল ফোন ক্ৰয় কৰিছিল।

ইয়াৰ ঠিক এমাহ পাছত গ্ৰাহক গৰাকীৰ হাতৰ পৰা পৰি যোৱাৰ ফলত মোবাইল ফোনটো কাম নকৰা হয়। তেখেতে গুৱাহাটীৰ ৰাজগড়ৰ ছʼনী ছাৰ্ভিচ চেণ্টাৰত মোবাইল ফোনটো ভাল কৰিবলৈ লৈ যায় যদিও ছাৰ্ভিচ চেণ্টাৰৰ পৰা জনোৱা হয় যে সেই মডেলৰ মোবাইল ফোনৰ মেৰামতি তেওঁলোকৰ তাতে নহয়। মেৰামতিৰ পৰিবৰ্তে নিৰ্দিষ্ট মোবাইল ফোনটো সলনি কৰি নতুন এটা মোবাইল ফোন দিয়াৰ প্ৰস্তাৱ দিয়ে গ্ৰাহক গৰাকীক।

ইয়াৰ বাবদ তেখেতৰ পৰা ২৫ হেজাৰ টকা অতিৰিক্ত ভাবে বিচাৰে। ভুক্তভোগী গ্ৰাহক গৰাকীয়ে এই সন্দৰ্ভত নতুন দিল্লীস্থ ছʼনী মোবাইলৰ কাৰ্য্যালয়ৰ সৈতে ই-মেইল যোগে বহুবাৰ যোগাযোগ কৰে যদিও কোম্পানীটোৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে। ছʼনী ছাৰ্ভিচ চেণ্টাৰৰ পৰা লাভ কৰিবলগীয়া প্ৰয়োজনীয় সেৱাৰ পৰা বঞ্চিত হৈ গ্ৰাহক গৰাকীয়ে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামত অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত ফৰামৰ সচিব তথা অধিবক্তা অজয় হাজৰিকা আৰু প্ৰশাসক তথা অধিবক্তা সুভাষ মোহন শৰ্মাই বঞ্চিত গ্ৰাহক গৰাকীৰ হৈ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগত ছʼনী মোবাইল কোম্পানীৰ বিৰুদ্ধে ১২ / ২০১৬ নম্বৰত এক গোচৰ তৰে। আয়োগত গোচৰটোৰ ওপৰত দীৰ্ঘদিন ধৰি যুক্তি-তৰ্ক, সাক্ষ্য-প্ৰমাণ দাখিল আৰু বিচাৰ প্ৰক্ৰিয়া চলে।

শেষত আয়োগে আজি এক নিৰ্দেশ যোগে ত্ৰুটিপূৰ্ণি সেৱাৰ অভিযোগত অভিযুক্ত কৰি ছʼনী মোবাইল কোম্পানীক বঞ্চিত গ্ৰাহক গৰাকীক ৪৫ দিনৰ ভিতৰত মোবাইল ফোনটো মেৰামতি কৰি দিয়াৰ উপৰিও গোচৰ দাখিলৰ সময়ৰে পৰা ১০ শতাংশ সুদৰে সৈতে ৪০ হেজাৰ টকাৰ ক্ষতিপূৰণ আৰু গোচৰটো চলোৱাৰ ব্যয় হিচাপে ১০ হেজাৰ টকা অতিৰিক্ত ভাবে আদায় দিবলৈ নিৰ্দেশ দিয়ে। ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণৰ এই ধন আদায় নিদিলে সমূদায় ধনৰ ওপৰত ১২ শতাংশ অতিৰিক্ত সুদসহ বঞ্চিত গ্ৰাহক গৰাকীক আদায় দিব লাগিব বুলিও আয়োগে নিৰ্দেশটোত স্পষ্ট কৰি দিয়ে।

Exit mobile version