GMCH increases medical service Fees:জিএমচিএইছত বাঢ়িল চিকিৎসা সেৱা মাচুল

জিএমছিএইচত এতিয়াৰ পৰা ৰোগীৰ পঞ্জীয়ন-বিছনাৰ বাবদ দিব লাগিব ২০ টকা মুঠ, মুঠ ১০৭টা বিভিন্ন পৰীক্ষাৰ মাচুল বৃদ্ধি, ১৫০% পৰা ৩৭৫% পৰ্যন্ত বৃদ্ধি পালে সেৱা মাচুল, এতিয়াৰ পৰা আপুনি ভৰিব লাগিব পূবতকৈ ১৫০ শতাংশ অধিক মাচুল

gmch main

GMCH increases Medical Service Fees:

এশ শতাংশ ৰোগীৰ পঞ্জীয়ন মাচুল আৰু বিভিন্ন পৰীক্ষাৰ তিনিশ শতাংশ পর্যন্ত অধিক মাচুল বৃদ্ধিৰে চৰকাৰী চিকিৎসা খণ্ডত আজিৰে পৰা কাৰ্যকৰী হ’ল চিকিৎসা ব্যয়ৰ নতুন নিৰিখ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালিলৈকে নামভর্তি আৰু পঞ্জীয়নৰ বাবদ এজন ৰোগীয়ে ১০ টকা মাচুল আদায় দিবলগীয়া হৈছিল যদিও আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন নিৰিখ অনুসৰি এই মাচুল ২০ টকালৈ বৃদ্ধি পালে। সমান্তৰালভাৱে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মুঠ ১০৭টা বায়’কেমেস্ট্রি চেষ্ট তথা বিভিন্ন পৰীক্ষা-নিৰীক্ষা মাচুল ২০ৰ পৰা তিনিশ শতাংশ পর্যন্ত বৃদ্ধি পালে।

অৱশ্যে নতুন নিৰিখ অনুসৰি কোনটো পৰীক্ষাত কিমান টকা ধার্য কৰা হৈছে, এই সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষই মুখ খোলা নাই, কিন্তু মাচুল বৃদ্ধিৰ সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই দাবী করে যে ২২ বছৰৰ পাছত এই সামান্য মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহক আত্মনিৰ্ভৰ হ’বলৈ কৈছে। ৰোগীয়ে যাতে উন্নত চিকিৎসা লাভ কৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি দিশত গুৰুত্ব আৰোপ কৰা হৈছে। তাৰ বাবে ৰাজহ লাগিব। এতিয়া যি ৰাজহ বৃদ্ধি পাব, ন্যূনতম ৰাজহহে বাঢ়িব আৰু ইয়াৰ জৰিয়তে অতিৰিক্ত সেবা ব্যবস্থা অধিক উন্নত হ’ব। উল্লেখ্য যে মাচুল বৃদ্ধি হৈছে যদিও সাধাৰণ মানুহৰ মাজত প্রভাৱ নেপেলায় বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়, ‘৮৫ শতাংশ পৰিয়ালৰ অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড আছে আৰু তেওঁলোকৰ কাৰণে চিকিৎসা বিনামূলীয়া। ১৫ শতাংশৰ ভিতৰত ১০ শতাংশ চৰকাৰী কৰ্মচাৰী, তেওঁলোকৰ ব্যৱস্থা আছে।

বাকী পাঁচ শতাংশ থাকিল আৰু ইয়াৰ ভিতৰত যদি কাৰোবাৰ চিকিৎসা ব্যয়ত অসুবিধা হয়, পাৰ্যমানে বেহাই এতিয়াও দিয়া হয়। সেয়ে এই মাচুল বৃদ্ধিয়ে প্রভাৱ পেলাব বুলি নাভাবো।’ ডাঃ শর্মাই লগতে কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত হিম’গ্লবিন পৰীক্ষাৰ ব্যয় আছিল ২০ টকা আৰু বাহিৰত ইয়াৰ বাবদ দুশ-তিনিশ টকা লয়। এইবাৰ হিম’গ্লবিন পৰীক্ষাত মাত্র ২০ শতাংশ মাচুল বৃদ্ধি কৰা হৈছে। সেবা উন্নত কৰিবলৈহে মাচুল বৃদ্ধি কৰা হৈছে বুলি দোহাবে। বহু পৰীক্ষাৰ মাচুল তিনিশ শতাংশৰো অধিক মাচুল বৃদ্ধি ৷

ইফালে, হাস্পতাল কর্তৃপক্ষই অত্যধিক মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি দাবী কৰিলেও কোনো কোনো পৰীক্ষাত তিনিশ শতাংশৰো অধিক মূল্যবৃদ্ধি কৰা হৈছে। এমচিত্রইছ/এইছএমএড/২০০৭/২৫/পিটি-২/৫১ নম্বৰৰ নতুন নিৰিখৰ নিৰ্দেশনাত উল্লেখ কৰা ১০৭টা বায়’কেমেস্ট্রি টেষ্টৰ ভিতৰত পূৰ্বতে এএলটি (এছজিপিটি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ মাচুলৰ ঠাইত ১৫০ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে। একেদবে এএছপি পৰীক্ষাৰ পূৰ্বৰ ৭০ টকাৰ ঠাইত ১৫০ টকা, এমাইলেজ পৰীক্ষাৰ পূৰ্বৰ ১৮০ টকাৰ ঠাইত তিনিশ টকা, এএনএ প্র’ফাইল টেষ্টৰ পূৰ্বৰ তিনি হেজাৰৰ ঠাইত ৩৫শ, এএফপি পৰীক্ষাৰ পূৰ্বৰ পাঁচশ টকাৰ ঠাইত সাতশ টকা, এএছটি (এছজিঅ’টি) পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, চিএ ১২৫ পৰীক্ষাত পূৰ্বৰ আঠশৰ ঠাইত এহেজাৰ, কেলচিয়ামৰ পৰীক্ষাৰ পূৰ্বৰ ৪০ টকাৰ ঠাইত ১৫০ টকা, ছুগাৰ, কেলচিয়াম, মেগনেচিয়াম, পটেচিয়াম, ছডিয়াম, প্ৰ’টিন আদিৰ কেমিকেল বিশ্লেষণৰ পূৰ্বৰ ১৬০ টকাৰ ঠাইত দুশ টকা কৰা হৈছে।

একেদৰে ব্লাড ছুগাৰ পৰীক্ষাৰ পূৰ্বৰ ৩০ টকাৰ ঠাইত ৬০ টকা, আইৰণ পৰীক্ষাৰ পূৰ্বৰ ১১০ টকাৰ ঠাইত তিনিশ টকা, আইৰণ প্ৰ’ফাইলৰ পূৰ্বৰ ৬৬০ টকাৰ ঠাইত ১১শ টকা, লিপিড প্র’ফাইল পৰীক্ষাৰ পূৰ্বৰ ৩৬৫ টকাৰ ঠাইত পাঁচশ টকা, লিভাৰ পৰীক্ষাৰ পূৰ্বৰ ৪১০ টকাৰ ঠাইত নশ টকা, থাইৰয়ড পৰীক্ষাৰ পূৰ্বৰ ছশ টকাৰ ঠাইত আঠশ টকা, ইউৰিক এচিড পৰীক্ষাৰ পূৰ্বৰ ৬০ টকাৰ ঠাইত এশ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে।

ইয়াৰ উপৰি আন বহু কেইটা পৰীক্ষাত দুশ-তিনি শতাংশ পর্যন্ত মাচুল বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে  সাধাৰণ ৰোগীয়ে পূর্বতে প্রতি বিছনাৰ বাবদ ১০ টকা আদায় দিবলগীয়া হৈছিল যদিও সাধাৰণ ৰোগীৰ বিছনাৰ মাচুল ২০ টকালৈ বৃদ্ধি কৰা হৈছে।

Exit mobile version