Katigorah  : কাটিগড়াত চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডলৰ মুকলিকৈ উৎকোচ লোৱাৰ দৃশ্য বন্দী কেমেৰাত

bribery 1

Katigorah  :

ঘোচখোৰ চৰকাৰী বিষয়া – কৰ্মচাৰী ইজনৰ পাছত সিজনকৈ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো একাংশ ঘোচখোৰৰ খক কমা নাই ৷ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিক কেৰেপ নকৰা হৈছে একাংশ ঘোচখোৰ চৰকাৰী বিষয়া – কৰ্মচাৰীয়ে ৷

কাছাৰ জিলাৰ কাটিগড়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত পুনৰ উৎকোচ লোৱাৰ দৃশ্য বন্দী কেমেৰাত ৷ কানাগোৱে উৎকোচ লৈ থকাৰ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত ৷ উদ্থাপিত অভিযোগ অনুসৰি কানানগো মনোজ আধিকাৰী চৰকাৰী কার্যালয়ৰ চকীত বহি মুকলিকৈ লৈ আছে বিভিন্নজনৰ পৰা উৎকোচ লৈছে ।

উল্লেখ্য যে দুৰ্নীতিৰ ভূ- স্বৰ্গ হৈ পৰা কাটিগড়া ৰাজহ চক্ৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি উৎকোচৰ এখন ৰমৰমীয়া বজাৰ গঢ়ি তুলিছে একাংশ মণ্ডল- কানাগোৱে। কিছুদিন পূৰ্বে লাট মণ্ডল সাহাদত হুছেইনে উৎকোচ লোৱাৰ ভিডিঅ’ সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছিল ৷ কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ঘোচখোৰ মণ্ডলজনৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ পুনৰ কানানগো মনোজ আধিকাৰীয়ে উৎকোচ লৈ থকাৰ দৃশ্য অনুৰূপ ধৰণে সংঘটিত হোৱাৰ পিছত দিছপুৰে কিবা ব্যৱস্থা ল’বলৈ সক্ষম হ’বনে ৷ নে পূৰ্বৰ দৰে সাৰি যাব ঘোচখোৰ সকল ৷

Exit mobile version