Man Buried Alive in Agra:ভূমি বিবাদ, দুস্কৃতিকাৰীয়ে যুৱকক মাৰপিট কৰি জীৱন্তে সমাধিস্থ কৰিলে

অঘৰী কুকুৰে মাটি খান্দি ৰক্ষা কৰিলে

dog

Man Buried Alive in Agra:

ভূমি বিবাদৰ বাবে এজন যুৱকক মাৰপিট কৰাৰ পিছত দুস্কৃতিকাৰীয়ে ডিঙি চেপি মাটিৰ তলত পুতি থয়। কিন্তু এদল পথৰ কুকুৰে যুৱকজনৰ জীৱন ৰক্ষা কৰিলে। উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যুবকজনৰ নাম ৰূপ কিশোৰ ওৰফে হেপি। অভিযোগ অনুসৰি ১৮ জুলাইত অংকিত, গৌৰৱ, কৰণ, আকাশ নামৰ চাৰিট দুষ্কৃতিকাৰীয়ে হেপিক ঘৰৰ পৰা লৈ গৈছিল। ইয়াৰ পিছত আগ্ৰাৰ আৰ্তনি অঞ্চললৈ লৈ যোৱা হয় আৰু তীব্ৰ প্ৰহাৰ কৰা হয়। ভূমিক লৈ বিবাদৰ আৰম্ভণি। আৰু তাৰ বাবেই হেপিক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে।

হেপিয়ে আৰক্ষীক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে প্ৰথমে তেওঁক প্ৰহাৰ কৰিছিল। ইয়াৰ পিছত ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে আৰু তেও চেতনা হেৰুৱাই পেলালে। দুৰ্বৃত্তই এটা গাঁত খান্দি হেপিক মৃত বুলি ভাবি তাত পুতি থৈ সেই ঠাই এৰি থৈ গ’ল।

তাৰ পিছত অলপ সময়ৰ পিছতে এদল অঘৰী কুকুৰ তালৈ আহিল। দুস্কৃতিকাৰীয়ে হেপিক সমাধিস্থ কৰা ঠাইখন কুকুৰবোৰে খান্দিবলৈ ধৰিলে। কিছু মাটি খান্দি হেপিৰ শৰীৰৰ এটা অংশ ওলাই আহিল। কুকুৰৰ দল এটাই তেওঁৰ শৰীৰত কামুৰিলে হেপিয়ে চেতনা ঘূৰাই পায়। তাৰ পিছত তেওঁ কুকুৰৰ দলটোক খেদি পঠিয়ালে।

ইয়াৰ পিছত তেওঁ খোজকাঢ়ি ওলাই হবআহিছিল। হেপিৰ শৰীৰটো ধূলি-বোকাৰে ঢাকি থোৱা, মুখখন ফুলি উঠা, শৰীৰৰ কেইবাটাও অংশৰ পৰা তেজ বৈ আহিছিল। সেই অৱস্থাত এজন যুৱকক ৰাজপথত দেখি স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। দুস্কৃতিকাৰীয়ে তেওঁৰ পুত্ৰক ঘৰৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে হেপিৰ মাতৃয়ে। আৰক্ষীয়ে জনোৱা মতে, তদন্ত অব্যাহত আছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব দোষী।

Exit mobile version