Air India canceled all flights to Tel Aviv:ইজৰাইল-ইৰানৰ সংঘাত

এয়াৰ ইণ্ডিয়াই তেল আভিভলৈ বাতিল কৰিলে সকলো বিমান

air india

Air India canceled all flights to Tel Aviv:

ইজৰাইল আৰু ইৰানৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ মাজতে এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ সকলো বিমান সেৱা বাতিল কৰিলে।এই সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এই তথ্য সদৰী কৰি কয় যে অহা আঠ আগষ্টলৈকে ইজৰাইললৈ সকলো বিমানৰ উৰণ বাতিল কৰা হৈছে। এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে ইজৰাইলৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত সাময়িকভাবে ইজৰাইললৈ বিমানৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে হামাছৰ মুৰব্বী ইছমাইল হানিয়াক তেহৰানত ইজৰাইলী সেনাই হত্যা কৰাৰ পাছৰে পৰা ইৰানৰ স’তে ইজৰাইলৰ সংঘাত তীব্ৰ হৈছে। ইৰানে যিকোনো মুহূর্ততে এই হত্যাৰ প্ৰতিশোধ লোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version