Assam Jatiya Parishad Two  Days Meeting At Guwahati:গুৱাহাটীত জাতীয় পৰিষদৰ দুদিনীয়া বৈঠক

LURIN

Assam Jatiya Parishad Two Days Meeting At Guwahati :

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অহা ৮ আগষ্ট বৃহস্পতিবাৰে আৰু কেন্দ্ৰীয় প্ৰতিনিধি সভা ৯ আগষ্ট শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ৷

বিগত লোকসভা নিৰ্বাচনৰ পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন জিলাত দলৰ সাংগঠনিক স্থিতি, আসন্ন উপ-নিৰ্বাচন আৰু পৰৱৰ্তী বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰসংগত এই সভা দুখন অতি গুৰুত্বপূৰ্ণ হ’ব ৷

নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৮ আগষ্টত পুৱা ১০ বজাৰ পৰা আৰম্ভ  হৈ সন্ধিয়া ৬ বজালৈ চলিব ৷ আনহাতে ৯ আগষ্টৰ প্ৰতিনিধি সভাখনো পুৱা ১০ বজাত আৰম্ভ হ’ব ৷ উক্ত সভাত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে দলৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিৰ সভাপতি আৰু সম্পাদক তথা প্ৰতিটো ভাতৃ-ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

Exit mobile version