Five-Star Hotel in Kaziranga:কাজিৰঙাত নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল

মুখ্যমন্ত্ৰীৰ উপস্থিতিত তাজ গ্ৰুপৰে বুজাবুজি চুক্তি অসম চৰকাৰৰ

tata

Five-Star Hotel in Kaziranga:

অসম পৰ্যটনৰ এক নতুন মাত্ৰা প্ৰদান কৰি কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ উদ্দেশ্যৰে শণিবাৰে তাজ গ্ৰুপৰে এক বুজাবুজি চুক্তি সম্পন্ন হয় অসম চৰকাৰৰ ৷

জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত তাজ গ্ৰুপ আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুষ্ঠানত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু মুখ্যসচিব ৰবি কোটা আৰু তাজ গ্ৰুপৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

উল্লেখ্য যে গুৱাহাটী-জাগীৰোডৰ মাজতো তাজ গেটৱে নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰি কৰে টাটাৰ বিষয়ববীয়াই ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,কাজিৰঙা বিশ্ব ঐতিহ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা অতিবাহিত কৰাৰ পাছত শেহতীয়াকৈ কাজিৰঙা তথা অসমত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷

সোণত সুৱগা চৰাই অঞ্চলটোৰ পৰ্যটনৰ বিকাশৰ বাবে তথা ৰাজ্য খনলৈ পৰ্যটক আৰু দৰ্শনাৰ্থীক অধিক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত আজি কাজিৰঙাত পঞ্চ তাৰকাযুক্ত হোটেল স্থাপনৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন কৰা হ’ল ৷ এই পদক্ষেপে দৰ্শনাৰ্থীসকলক বিশ্বমানৰ সুখানুভূতি প্ৰদান কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিতো ইতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version