Groundbreaking ceremony of Tata Semiconductor Project in Jagiroad:জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

প্ৰকল্পৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে , অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ

hbs 1

Groundbreaking ceremony of Tata Semiconductor Project in Jagiroad:

অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগৰে জাগীৰোডৰ কাগজ কলৰ ভূমিত স্থাপন হ’বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন আজি সম্পন্ন হয় ৷

প্ৰকল্পৰ ভূমিপূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে । টাটা ইলেক্ট্ৰনিকচৰ তত্ত্বাৱধানত নিৰ্মাণ হ’বলগীয়া প্ৰকল্পৰ এটি মডেল মুকলি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতে আয়োজিত এক সভাত মুখ্যমন্ত্ৰী ড:শৰ্মাই আনুষ্ঠানিকভাৱে টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণক ফুলাম গামোচা,বৃহাদাকাৰ জাপি আৰু শৰাইয়ে উস্ম আদৰণি জনায় ৷

সভাখনৰ আদৰণি ভাষণ প্ৰদান কৰে উদ্যোগ মন্ত্ৰী বিমল বৰাই ৷ সভা খনত টাটা গ্ৰুপৰ কে’বাগৰাকী শীৰ্ষ বিষয়া,জাগীৰোডৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী পীয়ুস হাজৰিকা ,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী,ৰাজ্যৰ মুখ্যসচিব ৰবি কোটা সহ কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে জাগীৰোডত টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণত ব্যয় কৰিব প্ৰায় ২৭ হাজাৰ কোটি টকা। অসম চৰকাৰে টাটা গ্ৰুপক ৬০ বছৰৰ বাবে লীজত দিছে কাগজ কলৰ ৫১৭.২৭ বিঘা ভূমি। ২০২৬ চনৰ এপ্ৰিলৰ পূৰ্বে অৰ্থাৎ ১৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে টাটা গ্ৰুপে।

মনকৰিবলগীয়া যে, এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে উৎপাদন হ’ব ৪.৮ কোটি চিপ্ । অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ সমাবিষ্টকৰণ আৰু পৰীক্ষণ প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে।

স্মতৰ্ৱ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিতবৰ্ষৰ ১৩ মাৰ্চত নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী স্থাপন কৰিছিল ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা ৷

Exit mobile version