Aap Pressmeet:বিৰোধী ঐক্যক লৈ স্থিতি স্পষ্ট কৰিলে আপে

আপৰ কৰ্মীৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

aap

Aap Pressmeet:

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আম আদমী পাৰ্টিৰ অনুপস্থিতি সন্দৰ্ভত আজি সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰিলে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে । গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, ” লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া জোঁট বন্ধনৰ সমান্তৰাল ভাৱে অসমত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ১৬ টা কৈ বিৰোধী ৰাজনৈতিক দলৰ এক শক্তিশালী মঞ্চ গঠন কৰা হৈছিল।

সুদীৰ্ঘ ৮ মাহ ধৰি বিৰোধী ঐক্যৰ স্বাৰ্থত আমি কথা পাতিছিলোঁ। কিন্তু মঞ্চৰ সভাপতি পদত অধিষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত সংকীৰ্ণ বুজাবুজিৰ ভিত্তিত কংগ্ৰেছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি গগৈক এৰি দি ৰাজ্যৰ আন ১৩ টা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। কাৰ্যতঃ তেতিয়াৰ পৰাই বিৰোধী ঐক্য মঞ্চৰ কাম কাজ স্থবিৰ হৈ পৰে। কাৰণ মিত্ৰজোঁটৰ ৰাজনীতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অন্যান্য দলসমূহক বিশ্বাসঘাতকতা কৰে।

কংগ্ৰেছে পূৰ্বে আমাৰ সৈতে কৰা আচৰণৰ বাবেই দেওবাৰে অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আমাৰ দলে অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে।  আনহাতে, সংবাদমেলত আপ নেতা ড: মামুন ইমদাদুল হক চৌধুৰীয়ে একাংশ সংবাদ প্ৰতিষ্ঠানৰ উপৰি সামাজিক মাধ্যমত আপৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰা বুলি প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰে। তেওঁ কয়,” বহুদলীয় গণতন্ত্ৰ চলি থকা এখন ৰাজ্য বা দেশত এটা দলৰ সদস্য আন এটা দললৈ যাব পাৰে।

কিন্তু যোৱাকালি আপৰ শতাধিক নেতা কৰ্মী কংগ্ৰেছ দলত যোগদান কৰাৰ কোনো প্ৰমাণ নাই। যদি সচাঁকৈয়ে কংগ্ৰেছত যোগদান কৰিছে তেওঁলোকৰ নাম আৰু আপত থকা সময়ত তেওঁলোকৰ পদবী ৰাজহুৱা কৰিবলৈ ভূপেন বৰাক আহ্বান জনাইছোঁ । আপৰ নেতাগৰাকীয়ে অৱশ্যে এটা কথা স্বীকাৰ কৰে যে বিগত লোকসভা নিৰ্বাচনত আপৰ একাংশ কৰ্মীয়ে ইণ্ডিয়া জোঁটৰ অংশীদাৰ হোৱা হেতুকে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল।

সেই সকলৰ মাজৰ পৰা ৪/৫ জন আপ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে । শতাধিক আপ কৰ্মী যোগদানৰ বাতৰি ভিত্তিহীন বুলি প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে । তদুপৰি বিগত দিনত কংগ্ৰেছ দলৰ পৰাও একাংশ নেতা – কৰ্মীয়ে আপত যোগদান কৰাৰ বিষয়ে সদৰি কৰে চৌধুৰীয়ে। সংবাদমেলত দলৰ জ্যেষ্ঠ নেতা ৰুদ্ৰাংকুৰ হাজৰিকা, নাজমা বেগম আৰু মিতালী গগৈয়েও উপস্থিত থাকে।

Exit mobile version