Many areas of the Guwahati were flooded by artificial floods:এজাক মুষলধাৰ বৰষুণত পুনৰ ডুবিল মহানগৰ

কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ বহু অঞ্চল, ৰাজপথত আবদ্ধ স্কুলবাছ, ৰাজপথত তীব্ৰ যানজঁট

flood55 1

Many areas of the Guwahati were flooded by artificial floods:

পুনৰ সাগৰত পৰিণত হ’ল গুৱাহাটী মহানগৰ ৷ এজাক মুষলধাৰ বৰষুণত পুনৰ ডুবিল মহানগৰ ৷ কৃত্ৰিম বানত বুৰ গ’ল মহানগৰীৰ ভিন্ন প্ৰান্ত।

বিশেষকৈ মহানগৰীৰ জু-ৰোড,চানমাৰি,হেঙেৰাবাৰী,ৰুক্মিণীনগৰ,ছাৰ্ভে,পাঞ্জাবাৰীৰ একাঠু পৰ্যন্ত পানী হোৱাত অঞ্চলবাসী যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ আনহাতে ৰাজপথত ৰখাই যোৱা বহু যানবাহন পানীত ডুব যোৱাৰ সদৃশ হোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ কাহিলীপাৰাৰ জটিয়া ফালৰ পৰা ৰাজপথৰে হোহোৱাই অহা কৃত্ৰিম বানে গণেশগুৰিত কৃত্ৰিমবানৰ সৃষ্টি হয় ৷ পথৰ কাষত থকা বহু মটৰ চাইকেল এককাল পানীত ডুব যায় ৷

একেদৰে মহানগৰীৰ পাশ্বৱৰ্তী যোৰাবাটত ভয়ংকৰ বানৰ সৃষ্টি হয় ৷ কৃত্ৰিমবানত ডুব যায় বহু বাহন ৷ এজাক বৰষুণ দিলেই মহানগৰীৰ বহু অঞ্চল কৃত্ৰিমবানৰ কবলত পৰাটো এক চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ উল্লেখ্য যে,জিএমচিয়ে সময়ে সময়ে নলানৰ্দমা নিস্কাষণ নকৰাৰ ফলত এইদৰে কৃত্ৰিম বানৰ কবলত পৰি মহানগৰবাসীৰ অৱস্থা নাজলনাথল হয় ৷

Exit mobile version