CID has summoned accused businessman Rajen Lohia to Dibrugarh Sadar Thana Station:জিম খানা ক্লাবত ৰহস্যজনকভাৱে উদ্ধাৰ পৰিচালক ভীম ৰজকৰ মৃতদেহ

অভিযুক্ত ব্যৱসায়ী ৰাজেন লোহিয়াক ডিব্ৰুগড় সদৰ থানালৈ তলব চিআইডিৰ

dibrugarh 33

CID has summoned accused businessman Rajen Lohia to Dibrugarh Sadar Thana Station:

ডিব্ৰুগড়ৰ বহুচৰ্চিত জিম খানা ক্লাবত ১৭ আগষ্টত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল পৰিচালক ভীম ৰজকৰ মৃতদেহ। ইয়াৰ পিছতে তিনি ব্যৱসায়ীৰ বিৰুদ্ধে ৰজকৰ পৰিয়ালৰ লোকে তৰিছিল গোচৰ।

ইয়াৰ পাছতে তৎপৰ হৈ পৰে ডিব্ৰুগড় আৰক্ষী ৷ আনহাতে জিম খানা ক্লাবত সংঘটিত ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰে আৰক্ষীয়ে। ঘটনাৰ তদন্তৰ দায়িত্ব লৈয়ে চিআইডিৰ আইজিপি সংযুক্তা পৰাশৰে ডিব্ৰুগড়ত উপস্থিত হৈ ক্ষীপ্ৰতাৰে আৰম্ভ কৰে তদন্ত ৷ তদন্তৰ অংশ হিচাপে অভিযুক্ত সঞ্জীৱ ছুৰ আৰু শচীন কাছৰীয়ক সুকীয়া সুকীয়াকৈ ৫ আৰু ছয় আগষ্টত জেৰা চলাইছিল আইজিপি গৰাকীয়ে ৷

শেহতীয়াকৈ আন এক অভিযুক্ত ব্যৱসায়ী ৰাজেন লোহিয়াক ডিব্ৰুগড় সদৰ থানালৈ চিআইডিৰ আইজিপি সংযুক্তা পৰাশৰৰ নিৰ্দেশত ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰিছে ৷ ব্যৱসায়ী ৰাজেন লোহিয়াক জেৰাৰ পিছতহে চিআইডিয়ে পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version