Jagiroad Luxury Audi vehicle found in Pond:জাগীৰোডৰ চেনিমাৰীত চাঞ্চল্যকৰ ঘটনা

পুখুৰীত উদ্ধাৰ বিলাসী অডি বাহন

vehicle 1

Jagiroad Luxury Audi vehicle found in Pond:

জাগীৰোডৰ চেনিমাৰীত চাঞ্চল্যকৰ ঘটনা ৷ পথৰ কাষৰ পুখুৰীত উদ্ধাৰ বিলাসী অ’ডি বাহন ৷ জাগীৰোড-মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ কাষৰ পুখুৰীত ওপঙি আছিল বাহনখন ৷ পিছত স্থানীয় লোক কেইজনমানে সাঁতৰি গৈ পুখুৰীত ওপঙি থকা বাহন খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ভিন্ন নম্বৰৰ দুখন নম্বৰপ্লেট।

আনহাতে,ৰহস্যজনকভাৱে পুখুৰীত উদ্ধাৰ হোৱা অ’ডি খনৰ নম্বৰৰ এএছ০১-এফ জেড-৫৭২৪১৷ সন্দেহ কৰা মতে অ’ডি খন কোনো দুৰ্বৃত্তই চুৰি কৰি আনি পুখুৰীত পেলাই দিছিল ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ বাহন খন নিজৰ জিন্মাত লৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version