সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সন্দৰ্ভত ২০০ ৰো অধিক বিজ্ঞানীসকলে কৰ’না ভাইৰাছ বতাহত বিয়পে বুলি দাবী কৰাৰ বিপৰীতে বিশ্ব স্বাস্থ্য সংন্থাই মন্তব্য কৰিছে যে এই সন্দৰ্ভত আমি আলোচনা কৰিম ৷ ৩২ ৰো অধিক দেশৰ ২৩৯ জন বিজ্ঞানীয়ে বিশ্ব স্বাস্থ্য সংস্থাক এখন পত্ৰৰ যোগেৰে কৰ’না ভাইৰাছ বতাহত বিয়পাৰ কথা অৱগত কৰাইছিল । আমেৰিকাৰ এখন বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে বৈজ্ঞানিকসকলৰ মতে কৰ’নাৰ পৰা বাছি থাকিবৰ কাৰণে ঘৰৰ ভিতৰতে এন ৯৫ মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় । ইয়াৰ লগতে বৈজ্ঞানিকসকলে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাক গাইডলাইন খনৰো সালসলনি কৰিবলৈ আহ্বান কৰিছিল।
ADVERTISEMENT