Kangana Ranaut Slapped With ₹40 Crore Defamation Notice For Sharing Rahul Gandhi’s Morphed Photo With Skull Cap, Cross:ৰাহুলৰ ছবি বিকৃত কৰি ধৰ্মীয় উপহাসৰ কাৰণত কংগনাৰ বিৰুদ্ধে ৪০ কোটি টকাৰ মানহানি গোচৰ

rahul

Kangana Ranaut Slapped With ₹40 Crore Defamation Notice For Sharing Rahul Gandhi’s Morphed Photo With Skull Cap, Cross:

কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত বৃহৎ পৰিমাণৰ ক্ষতিপূৰণ দাবীৰে অভিনেত্রী- সাংসদ কংগনা ৰণৌটৰ বিৰুদ্ধে উত্থাপিত হ’ল মানহানি গোচৰ

কিছুদিন পূর্বে কংগনাই ‘ককাক মুছলমান, আইতাক পার্চি, মাতৃ খ্রীষ্টান’ বুলি ৰাহুলক জাতিত ধৰি তীব্র কটাক্ষ কৰিছিল। তদুপৰি কংগ্ৰেছ নেতাক উপহাস কৰিবলৈ তেওঁৰ এখন বিকৃত ছবিও কংগনাই শ্বেয়াৰ কৰিছিল। উক্ত ফটোত ৰাহুলৰ মূৰত ইছলামৰ টুপি, কপালত হিন্দুৰ তিলক আৰু ডিঙিত খ্রীষ্টধৰ্মৰ ক্ৰছ থকা ৰূপত দাঙি ধৰা হৈছিল।

এই ফটো আৰু কটাক্ষৰ কৰণত আইনী মেৰপাকৰ সম্মুখীন হ’ল বিজেপিৰ সাংসদগৰাকী। প্রকাশিত বাতৰি অনুসৰি, ৪০ কোটি টকাৰ মানহানিৰ গোচৰ তৰা হৈছে কংগনাৰ বিৰুদ্ধে। উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ অধিবক্তা নৰেন্দ্ৰ মিশ্ৰাই কংগনাৰ বিৰুদ্ধে এই আইনী পদক্ষেপ গ্রহণ কৰিছে।

Exit mobile version