Aap:বৰপেটাত কৰ্মকৰ্তা সন্মিলনত ৰাষ্ট্ৰীয় নেতৃত্ব

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপৰ ভেটি সুদৃঢ় কৰাৰ লক্ষ্য, অসমত কংগ্ৰেছ-বিজেপিৰ বিকল্প শক্তি আপ - ৰাজেশ শৰ্মা

barpeta

Aap:

শীঘ্ৰেই গঠন হ’ব আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক । ইতিমধ্যে সমগ্ৰ ৰাজ্যতে দলৰ গণভিত্তি শক্তিশালী কৰাৰ উদ্দেশ্যে সদস্য ভৰ্তি অভিযান অব্যাহত আছে। জিলা পৰ্যায়ত দলৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হৈছে। আমি ৰাজ্যৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকলক সাজু হ’বলৈ আহ্বান জনাইছোঁ। দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক সমিতিয়ে কেজৰিৱালৰ আদৰ্শৰ ভিত্তিত অসমতো কামৰ ৰাজনীতিৰ ধাৰা আৰম্ভ হৈছে।

আমি আশা কৰিছো যে উন্নয়নৰ স্বাৰ্থত কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প শক্তি হিচাপে অসমৰ ৰাইজে আম আদমী পাৰ্টিক এইবাৰ আকোঁৱালি ল’ব। আজি বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত আপৰ জিলা কৰ্মকৰ্তা সন্মিলনত এইদৰে মত ব্যক্ত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপৰি আন এগৰাকী কেন্দ্ৰীয় নেতা অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাহুল পানৱাৰে কয়- ” দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰে জনসাধাৰণৰ বাবে যি ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, অসমতো একেধৰণৰ জনমুখী চৰকাৰ গঠনৰ স্বাৰ্থত আপে লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেইবাবেই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আমি সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ।

কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বৰপেটা জিলাৰ আটাইকেইটা বিধান সভা সমষ্টিত সদস্য ভৰ্তি অভিযান তৰান্বিত কৰাৰ বাবে দলীয় কৰ্মী সকলক পৰামৰ্শ দিয়ে। কৰ্মকৰ্তা সন্মিলনত দলৰ জ্যেষ্ঠ নেতা মামুন ইমদাদুল হক চৌধুৰী, মনছুৰ তালুকদাৰ আৰু মহিউদ্দিন ছিদ্দিকীও উপস্থিত থাকে ।

Exit mobile version