BJP’s state election committee meeting held in Kainadhar State Guest House:কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন কমিটিৰ বৈঠক সম্পন্ন

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ১০জনীয়া তালিকা প্ৰস্তুত, উপ- নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আলোচনা, চামগুৰি বিধানসভা সমষ্টিৰ বাবে দিপ্লু ৰঞ্জন শৰ্মাৰ নাম চুড়ান্ত

bjp meeting

BJP’s state election committee meeting held in Kainadhar State Guest House:

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ ৰিক্ত দুখন আসনৰ বাবে শাসকীয় বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰি সোমবাৰে মহানগৰীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সংসদীয় কমিটিৰ সদস্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,সাংসদ দিলীপ শইকীয়া আৰু আন সদস্য সকলৰ উপস্থিতিত ৰাজ্যসভাৰ বাবে ১০ জনীয়া তালিকা প্ৰস্তুত কৰি বিজেপিৰ সংসদীয় বৰ্ডলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি তালিকাত স্থান লাভ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ,যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ,ডা:ৰাজদ্বীপ ৰয়,বিজেপিৰ জ্যেষ্ঠ নেতা ৰূপম গোস্বামী, ৰেখাৰাণী দাস বড়ো অশোক ভট্টৰায়, মানস দাস,অনুপ সিং ৰাজপুত বিজয় গুপ্তা আৰু মানস প্ৰতিম দাসে ৷

উল্লেখ্য যে বিধানসভাত সংখ্যাৰ জোৰত ৰাজ্যসভাৰ দুয়োখন আসনত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত ৷ আনহাতে ৰাজ্যৰ দুয়োখন আসনত কংগ্ৰেছ সহ বিৰোধীৰ প্ৰতিদ্বন্দ্ব্বীতাৰ সম্ভাৱনা নাই ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি( পিএচি) বৈঠকত বিষয়টোৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল।

কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচন কমিটিৰ বৈঠকত ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হয়। চামগুৰি,ধলাই আৰু বিহালী সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত আলোচনা হয় ৷ অৱশ্যে চামগুৰি সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাৰ নাম একপ্ৰকাৰ চুড়ান্ত কৰা হয় বুলি জানিব পৰা গৈছে ৷

আনহাতে ধলাই আৰু বিহালী সমষ্টিৰ বাবে পূৰ্বৰ তদানীন্তন প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদদ্বয় ৰঞ্জিত দত্ত আৰু পৰিমল শুক্ল বৈদ্যৰ পচন্দ অনুসৰি হ’ব প্ৰাৰ্থীত্বৰ তালিকাত। বিহালী সমষ্টিৰ প্ৰাৰ্থী নিৰ্ণয় কৰিবলৈ সাংসদ ৰঞ্জিত দত্তক কতৃত্ব দিয়ে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য সমষ্টিটোৰ প্ৰাৰ্থীত্ব দাবীদাৰ সকল হ’ল তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস,জয়ন্ত বৰা আৰু দিগন্ত ঘাটোৱাৰ ৷ স্মতৰ্ৱ্য যে,বিজেপিৰ ৰাষ্ট্ৰীয় সংসদীয় বৈঠক অনুষ্ঠিত হ’ব ২৪ আগষ্টত ৷ এই বৈঠকতে ৰাজ্যসভাৰ দুই আসন আৰু তিনি বিধানসভাৰ প্ৰাৰ্থীত্বৰ নামত মোহৰ মাৰিব ।

Exit mobile version