Interim Government has threatened to shut down media outlets that spread false Propaganda:ভুৱা প্ৰচাৰ চলোৱা সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ অন্তৱৰ্তী চৰকাৰৰ

গৃহ বিভাগৰ উপদেষ্টা প্রাক্তন সেনা বিষয়াৰ সকীয়নি, চৰকাৰৰ নামত বাংলাদেশত চলিব উন্মত্ত লোকৰ শাসন হাছিনা পুত্র জয়, বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ, বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান

bangladesh 777

Interim Government has threatened to shut down media outlets that spread false Propaganda:

চৰকাৰৰ নামত বাংলাদেশত কিছুসংখ্যক উচ্ছৃংখল তথা আইন-কানুন নমনা লোকৰ শাসন চলিব বুলি সকীয়নি জাৰি কৰিছে দেশখনৰ সদ্যপ্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পুত্ৰ সজীৱ বাজেদ জয়ে। হিংসাত্মক প্ৰতিবাদৰ মাজতে যোৱা পাঁচ আগষ্টত পদত্যাগ কৰি দেশ এৰি ভাৰতলৈ পলায়ন কৰা প্ৰাক্তন প্রধানমন্ত্রীৰ হাছিনা পুত্র সজীৱে তেওঁৰ মাতৃক আশ্রয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনাইছে।

সজীবে লগতে হাছিনা চৰকাৰৰ পতনৰ পাছত গঠন হোৱা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। চৰকাৰখন সম্পূৰ্ণৰূপে ক্ষমতাহীন বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘চৰকাৰখন নামমাত্র ক্ষমতাৰ অধিকাৰীৰে গঠিত হৈছে। এতিয়া বাংলাদেশত আইন-কানুন নমনা লোকৰ শাসন চলিব।

যদি কাইলৈ কোনো উন্মত্ত জনসমষ্টিয়ে চৰকাৰ সলনিৰ দাবী কৰে, তেন্তে চৰকাৰ সলনি হ’বই।’ তেওঁ এইবুলিও সকীয়াই দিয়ে যে খৰখেদাকৈ নির্বাচন আয়োজন নকৰিলে, গন্দগোল অব্যাহত থাকিব। হাছিনা চৰকাৰ পতনৰ পাছত দেশখনৰ মুখ্য ন্যায়াধীশ আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টিক লৈও তেওঁ উদ্বেগ প্রকাশ কৰে।

আনহাতে, দক্ষিণ এছিয়াৰ এই অশান্তজৰ্জৰ দেশখনৰ অন্তৱর্তী চৰকাৰ সম্প্রতি একাংশ সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈছে। হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত চলা শেহতীয়া হিংসাত্মক প্ৰতিবাদৰ সময়ত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰচাৰ কৰে বুলি অভিযোগ কৰি অন্তৱৰ্তী চৰকাৰে এনে সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ দিছে।

বিগত সময়ছোৱাত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা তথা সত্য আধাৰিত নোহোৱা বাতৰি প্ৰচাৰ কৰে বুলি ক্ষোভ প্রকাশ কৰি অন্তৱৰ্তী চৰকাৰৰ গৃহ পৰিক্ৰমাৰ উপদেষ্টা ব্রিগ্রেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম শ্বেখাৱট হুছেইনে কয়, ‘এখন দেশৰ প্ৰগতি বাধাগ্রস্ত হয় যেতিয়া দেশখনৰ সংবাদ মাধ্যমে সত্যক প্রশ্রয় নিদিয়ে।’ সাধাৰণ লোকক বিপথে পৰিচালিত কৰা বাতৰি পৰিবেশনৰ স’তে জড়িত সংবাদ মাধ্যমসমূহক বন্ধ কৰি দিয়াৰ হুংকাৰো দিয়ে গৃহ পৰিক্ৰমাৰ উপদেষ্টাজনে।

সংবাদ মাধ্যমসমূহক দায়বদ্ধ হ’বলৈ সকীয়াই দি তেওঁ আৰু কয়, ‘টেলিভিছনৰ টকশ্ব’সমূহত তথ্য-প্রমাণ নোহোৱাকৈয়ে বহু কথা আলোচিত হ’ল। শুদ্ধ তথ্য যোগানত সংবাদ মাধ্যম ব্যৰ্থ হ’ল।’ অৱশ্যে গৃহ উপদেষ্টাজনৰ এনে ভাবুকিসূচক মন্তব্যই আগন্তুক দিনত বাংলাদেশত সংবাদ মাধ্যমৰ কণ্ঠৰোধ হোৱাৰ সম্ভাৱনা বহন কৰা বুলি একাংশই মন্তব্য কৰিছে।

ইপিনে, বর্তমানেও দেশখনৰ পৰিস্থিতি অস্থিৰ হৈ থকাৰ সময়তে অন্তৱর্তী চৰকাৰৰ ডাক, দূৰসংযোগ আৰু তথ্য প্রযুক্তি বিভাগৰ উপদেষ্টা নাহিদ ইছলাে হুংকাৰ দিছে যে দেশখনৰ শেহতীয়া প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট বন্ধ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। তেওঁ কয় যে ইণ্টাৰনেট বন্ধ কৰা কাৰ্যই নাগৰিকসকলৰ মৌলিক অধিকাৰ ভংগ কৰে।

আনহাতে,বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ। বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান কৰিছে মহম্মদ ইউনুছে ৷

Exit mobile version