Assam University Professor Arrested in Silchar:শিলচৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকক গ্ৰেপ্তাৰ

ছাত্ৰীক যৌন নির্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দাসক, শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদত নতশিৰ হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যাপকজনক

silchar

Assam University Professor Arrested in Silchar:

কলকাতাত যুৱতী চিকিৎসকক ধৰ্ষণ- হত্যাকাণ্ডৰ উত্তেজনা মাৰ নৌযাওতে এই অসমত ঘটিল আন এক চাঞ্চল্যকৰ ঘটনা ৷ ছাত্ৰীক যৌন নিৰ্যাতন কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হয় এগৰাকী অধ্যাপক ৷ শিলচৰস্থ অসম বিশ্ববিদ্যালয়ৰ বিশ্বজিৎ দাস নামৰ  অধ্যাপকজনে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উদ্থাপিত হয় ।

আনকি ভুক্তভোগী ছাত্ৰী গৰাকীয়ে এই সন্দৰ্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষ আৰু শিলচৰ আৰক্ষীক অৱগত কৰিছিল যদিও কোনো পদক্ষেপ লোৱা নাছিল কর্তৃপক্ষ আৰু আৰক্ষীয়ে ৷

ইয়াৰ পাছতে বুধবাৰে পুৱাৰে পৰা উত্তাল প্রতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে ৷ বহুসময় ধৰি অব্যাহত থকা প্ৰতিবাদত নতশিৰ হৈ অৱশেষত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অধ্যাপক বিশ্বজিৎ দাসক ৷ ইতিমধ্যে আটকাধীন দাসক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি জেৰাৰ বাবে থানাত ৰখা হৈছে ৷

Exit mobile version