Police continue to search for bombs in the Guwahati:’ৰাজ্যত বোমাতংক অব্যাহত !

মহানগৰীৰ সাঁতগাৱত ৩ কিলো ওজনৰ আইইডি , গুৱাহাটীত বৰ্তমানলৈকে উদ্ধাৰ ৩ টালৈ বোমা, ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি আৰক্ষীৰ

34

Police continue to search for bombs in the Guwahati:

দেশৰ স্বাধীনতা দিৱসৰ দিনটোত আলফা স্বাধীনে ৰাজ্যৰ কেতবোৰ স্থানত বোমা সংস্থাপন কৰাক লৈ তীব্ৰ আতংক অব্যাহত থকাৰ মাজতে বোমা নিষ্ক্ৰিয় কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

এই অভিযানৰ মাজতে মহানগৰীৰ সাতগাঁৱত আৰক্ষীয়ে প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত বোমা সদৃশ এক সামগ্ৰী উদ্ধাৰ কৰে। বোমাটো আছিল ৩ কিলো ওজনৰ আইইডি ৷ ইতিমধ্যে বোমা স্কোৱাড দলে বোমাটো বোমাটো নিষ্ক্ৰিয় কৰে ৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত থাকে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ৷

উল্লেখ্য যে, সাতগাঁৱত থকা সেনা বাহিনীৰ কেম্পৰ সমীপত বোমা থকাৰ সন্দেহত আৰক্ষীয়ে সেনাৰ সহযোগত সাতগাঁৱৰ বহু কেইটা স্থানত অভিযান অব্যাহত ৰাখিছিল ৷

শুকুৰবাৰে পুনৰ সাতগাঁও আৰক্ষীয়ে সাতগাঁৱত অভিযান চলাই চি ডি এ গেটৰ সন্মুখত উদ্ধাৰ কৰা হয় এটা বোমা ৷ আৰক্ষী আৰু সেনাৰ যৌথ দলে জেচিবিৰে মাটি খান্দি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় সক্ৰিয় বোমাটো ৷

আনহাতে আজি জনতা ভৱনৰ সমীপস্থ দিছপুৰ লাষ্টগেটতো আৰক্ষীয়ে বোমাৰ সন্ধানত অভিযান চলাই এটা প্লাষ্টিকৰ পেকেট উদ্ধাৰ কৰিছিল যদিও সেইয়া বোমা নহয় আৰক্ষী নিশ্চিত হয় ৷

উল্লেখ্য যে বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ উৎসাহ উদ্দীপনাৰ মাজতে গান্ধীমণ্ডপলৈ যোৱা পথৰ কাষত থকা বি এছ এন এলৰ এটা বক্সত উদ্ধাৰ হৈছিল এটা সক্ৰিয় বোমা ৷ একেদৰে পানবজাৰৰ হোটেল প্ৰাগ কণ্টনেণ্টেলৰ কাষৰ এখন দোকানৰ কাষত উদ্ধাৰ হৈছিল দুটাকৈ বোমা। এই পৰ্যন্ত নিষিদ্ধ ঘোষিত সংগঠনটোৱে মহানগৰীত সংস্থাপিত কৰা বোমা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা বোমাৰ সংখ্যা বৃদ্ধি পালে তিনিটালৈ ৷

মনকৰিবলগীয়া যে,ইতিপূৰ্বে আলফা স্বাধীনে ঘোষণা কৰা অনুসৰি গুৱাহাটী আঠ স্থানত সংস্থাপিত কৰা হৈছিল বোমা ৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ইতিমধ্যে তিনিটা বোমা উদ্ধাৰ কৰাৰ বিপৰীতে আন পাঁচটা স্থানত সংস্থাপিত বোমা সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে |

Exit mobile version