Iranian police shoot woman for not wearing hijab:ইৰানত পুনৰ হিজাব পৰিধান নকৰা মহিলাক গুলীয়ালে আৰক্ষীয়ে

iran women

Iranian police shoot woman for not wearing hijab:

পুনৰ হিজাবক লৈ অঘটন সংঘটিত ইৰানত। এইবাৰ হিজাব পৰিধান নকৰা এগৰাকী মহিলাক গুলিৰে আক্রমণ কৰিলে আৰক্ষীয়ে। প্রকাশিত বাতৰি অনুসৰি যোৱা ২২ জুলাইতে আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰিছিল।

হিজাব পৰিধান নকৰা এগৰাকী মহিলাক গাড়ী ৰখাবলৈ আৰক্ষীয়ে নির্দেশ দিছিল; কিন্তু মহিলা গৰাকীয়ে গাড়ী চলাই পলায়নৰ অপচেষ্টা চলোৱাত আৰক্ষীয়ে গুলিবর্ষণ কৰিছিল। ফলত মহিলা গৰাকী গুলিবিদ্ধ হৈছিল। উক্ত মহিলাৰ নাম অৰেজু বদ্রি। ৩১ বছৰ বয়সীয়া অৰেজু দুটি সন্তানৰ মাতৃ। সম্প্রতি গুলিত গুৰুতৰভাৱে আহত অৰেজু চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে দাবী কৰা অনুসৰি, মহিলাগৰাকী আইন ভংগৰ কাৰণত গাড়ী ৰখাবলৈ নির্দেশ দিয়া হৈছিল যদিও তেওঁ অমান্য কৰাত আৰক্ষীয়ে গুলিবর্ষণ কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীয়ে অৱশ্যে বিবৃতিত হিজাবৰ কথা উল্লেখ কৰা নাই।

ইৰানৰ চেণ্টাৰ ফ’ৰ হিউমেন ৰাইটছৰ কাৰ্যবাহী সঞ্চালক হাডী ঘামিয়ে এই ঘটনাৰ সন্দর্ভত মন্তব্য কৰি কয়, ‘ইৰানত হিজাব পৰিধান নকৰাটো এক গুৰুতৰ অপৰাধত পৰিণত হৈছে। আৰক্ষীক এনে মহিলাক গুলীয়াই হত্যা কৰাৰ অনুমতি দিয়া হৈছে। এয়া বাস্তৱত মহিলাৰ বিৰুদ্ধে যুদ্ধৰ লেখীয়া হৈছে।’

উল্লেখ্য যে দুবছৰ পূর্বে ইৰানত ২২ বছৰ বয়সীয়া মহছা অ’মিনি নামৰ এগৰাকী যুৱতীক হিজাব পৰিধান নকৰাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল। পাছত আৰক্ষীৰ জিম্মাত অ’মিনিৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে ইৰানত মহিলা আৰু একাংশ গণতন্ত্রপ্রেমী নাগৰিকে হিজাব বিৰোধী আন্দোলন আৰম্ভ কৰিছিল।

এই আন্দোলনত অংশ লোৱা কমেও ৫০০ লোকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ লগতে ২২,০০০ ৰো অধিক লোকক জিম্মাত হৈছিল। যোবা জানুৱাৰীত হিজাব পৰিধান নকৰা এগৰাকী মহিলাক ৭৪ বেত্রাঘাতৰ শাস্তি বিহা হৈছিল। এইবাৰ ইৰানৰ আৰক্ষীয়ে হিজাব পৰিধান নকৰা মহিলাক ৰাজপথতে গুলিবর্ষণ কৰিলে ৷

Exit mobile version