J&k Assembly Election:কাশ্মীৰৰ বিধানসভাত ইণ্ডি মর্চাত সংকট

অকলে প্রতিদ্বন্দ্বিতাৰ বাৰ্তা ডা:ফাৰুক আব্দুল্লাৰ

kashmir abdula

J&k Assembly Election:

জম্মু-কাশ্মীৰত ইণ্ডি মৰ্চাত লোকসভাৰ বিগত নির্বাচনৰ সময়তে সংঘাতে দেখা দিছিল। এইবাৰ ৰাজ্যখনত বিধানসভাৰ আসন্ন নিৰ্বাচনৰ পূৰ্বে এই মৰ্চাত নতুন সংকটৰ সম্ভাৱনা প্রকট হ’ল।

কাশ্মীৰৰ সবাতোকৈ বৃহৎ বিৰোধী দল নেচনেল কনফাৰেন্সে ইংগিত দি কয় যে আসন্ন বিধানসভাৰ নির্বাচনত দলে অকলে প্রতিদ্বন্দ্বিতাৰ কথা ভাবিছে। ৩৭০ ধাৰা বাতিলৰ পাছত কাশ্মীৰত প্ৰথম নির্বাচন অনুষ্ঠিত হ’ব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত নেচনেল কনফাৰেন্সৰ নেতা ডা:ফাৰুক আব্দুল্লাই এইদৰে ক’লে, ‘নির্বাচন আয়োগৰ ঘোষণাৰ সিদ্ধান্তক আমি স্বাগতম জনাওঁ। আমি নিজে প্রতিদ্বন্দ্বিতা কৰিম। আমি নিজৰ ক্ষমতাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিম।’ মৰ্চা গঠনৰ সন্দৰ্ভত ড: আব্দুল্লাই কয় যে এতিয়াই এই বিষয়ত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

Exit mobile version