Guwahati:উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সম্বৰ্ধনা

ডা: হেডগেৱাৰ স্মাৰক সমিতি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

rss1

Guwahati:

ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, গুৱাহাটী মহানগৰ বিদ্যাৰ্থী বিভাগৰ সহযোগত ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি মহানগৰৰ তিনি স্থানত তিনিটা কাৰ্যক্ৰম অনুষ্ঠিত হৈ যায়।

বৰবাৰীস্থিত সুদৰ্শনালয়, গণেশগুৰীৰ নেডফি হাউচ আৰু ভৰলুমুখস্থিত আলোক ভৱনত অনুষ্ঠিত কাৰ্যক্ৰমত মহানগৰৰ বিভিন্ন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২২৭ গৰাকী শিক্ষাৰ্থীক একোখন মানপত্ৰ, ভাৰতমাতাৰ প্ৰতিচ্ছবি আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়। সুদৰ্শনালয়ত অনুষ্ঠিত কাৰ্যক্ৰমত মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু সংঘৰ গুৱাহাটী মহানগৰ কাৰ্যবাহ ডা: ধীৰেণ দাস পানিকাই।

সেইদৰে নেডফি হাউচত হোৱা অনুষ্ঠানত ঔদ্যোগিক ন্যায়াধিকৰণৰ পঞ্জীয়ক আৰু সংঘৰ গুৱাহাটী বিভাগ কাৰ্যবাহ  দিলীপ শৰ্মা আৰু আলোক ভৱনত হোৱা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: ইশাংকুৰ শইকীয়াই মুখ্য বক্তা ৰূপে শিক্ষাৰ্থীসকলক সম্বোধন কৰে।

কেউটি অনুষ্ঠানতে ডা: হেডগেৱাৰ স্মাৰক সমিতি আৰু মহানগৰ বিদ্যাৰ্থী বিভাগৰ ভালেকেইজন কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এইসকলৰ ভিতৰত সমিতিৰ সম্পাদক খগেন শইকীয়া আৰু সংঘৰ গুৱাহাটী মহানগৰৰ সহঃ সংঘচালক ৰুক্মপ্ৰসাদ ভূঞাও অন্যতম আছিল।

ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানকেইটিত উপস্থিত শিক্ষাৰ্থী আৰু অভিভাৱকসকলক ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ চমু পৰিচয় আৰু সামাজিক তথা শৈক্ষিক ক্ষেত্ৰত সমিতিয়ে কৰা কামৰ খতিয়ান ডাঙি ধৰা হয়।

প্ৰাচীন ভাৰতৰ শিক্ষা পদ্ধতিয়ে কি দৰে ভাৰতবৰ্ষক এখন সমৃদ্ধিশালী আৰু ন্যায়পৰায়ণ ৰাষ্ট্ৰত পৰিণত কৰিছিল, তথা বৰ্তমানৰ পৰিপ্ৰেক্ষিতত সেই পদ্ধতিৰ প্ৰয়োগৰ সম্ভাৱনা আৰু তাৰ সাম্ভাৱ্য সুফলৰ বিষয়ে বক্তাসকলে মনোগ্ৰাহী বিশ্লেষণ আগবঢ়ায়। সম্বৰ্ধনাপ্ৰাপ্ত শিক্ষাৰ্থীসকল তথা অভিভাৱকসকলৰ উৎসাহে অনুষ্ঠান কেইটিক অনন্য মাত্ৰা প্ৰদান কৰে।

Exit mobile version