Prices of foreign liquor reduced in Assam: ৰাজ্যত বিলাতী সুৰাৰ মূল্য হ্ৰাস

১ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ

wine55

Prices of foreign liquor reduced in Assam:

ৰাজ্যত হঠাতে হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য ৷ ইতিমধ্যে ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে সুৰাৰ নতুন নিৰিখ ৷ এই নতুন নিৰিখ কাৰ্যকৰী হ’ব ১ ছেপ্তেম্বৰৰ পৰা ৷

নতুন নিৰিখ অনুসৰি ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰাৰ বিপৰীতে ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হয় ৩৪ টকাকৈ ৷

আনহাতে জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত হ্ৰাস কৰা হয় ১১৭ টকাকৈ। একেদৰে ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিন আদিৰ দাম হ্ৰাস কৰা হয় ১৪৪ টকা ৷

লাকজাৰী ব্ৰেণ্ডৰ ৩৬০-৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্রাস কৰাৰ বিপৰীতে এলিগেন্ট ব্ৰেণ্ডৰ ৫০০-৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম হ্ৰাস পায় ২১৪ টকাকৈ ৷

উল্লেখ্য যে,ব্রেন্দি, জিন, হুইস্কী ব্রেণ্ডত দাম কমিব ৬৫% পর্যন্ত ৷ অৱশ্যে কেৱল ৭৫০ মিলি লিটাৰৰ বটলতহে কমিব দাম ৷

Exit mobile version