ncsk scaled

National Commission For Safai Karamcharies [Ncsk]:লখিমপুৰত ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ

সোমবাৰে লখিমপুৰত উপস্থিত হয় ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বাইজ নাথ বাচফৰ | আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় চাফাই কর্মচাৰী আয়োগৰ বাছফৰ উপস্থিতিত লখিমপুৰ জিলাৰ চাফাই কৰ্মচাৰী সকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়।

সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে। সভাত অধ্যক্ষ বাছফোৰে চাফাই কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বুজ লয় আৰু এই সমস্যা সমূহৰ সঠিক সমাধান কৰাৰ আশ্বাস দিয়ে। এই সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ কালি ১৩ নং ৱাৰ্ডৰ হৰিজন কলনি পৰিদৰ্শন কৰে আৰু কলনিৰ বাসিন্দা সকলৰ লগত মত বিনিময় কৰে। তেওঁলোকে খোৱাপানী, শৌচাগাৰ, থকাঘৰ আদি সমস্যাৰ কথা অৱগত কৰে অধ্যক্ষ জনক। তেওঁ এই সমস্যা সমূহ অনতিপলমে সমাধান কৰি দিবলৈ জিলা আয়ুক্তৰ লগতে উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক আহ্বান জনায়।

চাফাই কৰ্মচাৰী সকলক সকলোৱে মৰম আৰু শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায়। উক্ত সভাত মত বিনিময় পৰ্বত বিভিন্ন ঠাইৰ পৰা অহা চাফাই কৰ্মীয়ে নিজৰ ব্যক্তিগত সমস্যা আৰু চাফাই কৰ্মচাৰী সংগঠনৰ সদস্য সকলে চাফাই কৰ্মীৰ বিভিন্ন সমস্যাৰ বিষয়ে তেওঁক অৱগত কৰে আৰু সমস্যা সমূহ দূৰ কৰিবলৈ অনুৰোধ জনায়। তেখেতে এই সকলো সমস্যা সমূহ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰীৰ আয়োগৰ লগত আলোচনা কৰি এটি সঠিক সমাধানৰ আশ্বাস প্ৰদান কৰে।

অধ্যক্ষ জনে চৰকাৰী সকলো আঁচনিত চাফাই কৰ্মচাৰী সকলক অন্তর্ভুক্ত কৰিবলৈ আহ্বান জনায় । এই সভাত জিলা আয়ুক্ত গায়ত্ৰী হ্যালিংগে, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া জিতু কুমাৰ দাস, অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্ত,অতিৰিক্ত আৰক্ষী অধীক্ষক, পৌৰসভা কাৰ্যবাহী বিষয়া তাপস জ্যোতি কলিতা, পৌৰসভা সভানেত্ৰী নিবেনিতা দত্ত, জিলা খনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল লগতে পৌৰসভা বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Exit mobile version