Guwahati is again Flooded by Heavy Rains:নেৰানেপেৰা বৰষুণত পুনৰ জলমগ্ন মহানগৰৰ বিস্তীৰ্ণ অঞ্চল

জলবন্দী বহু আবাসী,বানত বুৰিল যোৰাবাট অঞ্চল, ৰাষ্ট্ৰীয় ঘাইপথত তীব যানজঁট

flood 1

Guwahati is again Flooded by Heavy Rains:

সোমবাৰে নিশাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল ৷ হাতীগাঁও, পাঞ্জাবাৰী, বেলতলা, ছয়মাইলৰ,চানমাৰী,ছাৰ্ভে,ৰুক্মিণীগাঁও,নবীন নগৰ অনিল নগৰ সহ অলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে ৷

আনহাতে হাতীগাঁৱত পথৰ ওপৰত একাঠু পানীৰ মাজতে যাত্ৰী কঢ়িয়াই অনা এখন ই- ৰিক্সা বাগৰি পৰাৰ ফলত আহত হয় যাত্ৰী কেইজন ৷

একেদৰে মহানগৰীৰ পাশ্বৱৰ্তী যোৰাবাটৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰে ৷ মেঘালয়ৰ পৰা হোৰাহোৰে নামিছে পাহাৰৰ পানী ৷ যাৰবাবে ইতিমধ্যে ডুব গৈছে যোৰাবাটৰ বিস্তীর্ণ অঞ্চল ৷ আনহাতে কৃত্ৰিম বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ৷

Exit mobile version